চামগুৰিত দুজন ড্ৰাগছ সৰবৰাহকাৰীক আটক আৰক্ষীৰ

WhatsApp Image 2020 10 05 at 8.08.58 PM

ৰাজ্যত প্ৰতিদিনে আৰক্ষীয়ে জব্দ কৰিছে মাদকদ্ৰব্যৰ লগতে ইয়াৰ লগত জড়িত একাংশ সৰবৰাহকাৰীক। লগতে ৰাজ্যৰ বিভিন্ন ঠাইত আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল মাদকদ্ৰব্যৰ লগত জড়িত একাংশ সৰবৰাহকাৰীক ৷ ইয়াৰ মাজতে আজি নগাঁও জিলাৰ চামগুৰি আৰক্ষীয়ে হেৰ‌’ইনসহ দুটা ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় ৷ মাদকদ্ৰব্যৰ সৰবৰাহৰ লগত জড়িত ব্যক্তি দুজনৰ নাম আছাদুৰ ৰহমান আৰু আশ্ৰাফুল ইছলাম ৷

ইপিনে চামগুৰি থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কৃষ্ণ কান্ত দ’লেয়ে গোপন সূত্ৰৰ খবৰৰ ভিত্তিত চামগুৰি থানাৰ অন্তৰ্গত খলিহামাৰী আৰু ভগামুৰৰ এই ড্ৰাগছ ব্যৱসায়ী দুটাক আটক কৰে আৰক্ষীয়ে দুই ড্ৰাগছ ব্যৱসায়ীৰ পৰা নগদ একৈশ হেজাৰ টকা, পাঁচ গ্ৰাম হেৰ’ইনৰ লগতে ৩০ টা চিচি জব্দ কৰিছে । আৰক্ষীয়ে জব্দ কৰা হিৰ’ইন খিনিৰ মূল্য প্ৰায় বিশ হেজাৰ টকা হ’ব বুলি জানিবলৈ দিছে আৰক্ষীয়ে ।

উল্লেখ্য যে, চামগুৰিত দিনক দিনে ড্ৰাগছৰ প্ৰচলন অভাৱনীয় ভাবে বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে। চামগুৰি আৰক্ষীয়েও ইতিমধ্যে অভিযান চলাই কেইবাটাও ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছে । আৰক্ষীয়ে  ড্ৰাগছ ব্যৱসায়ী দুটাক  জেৰা চলাই চামগুৰিত ড্ৰাগছৰ প্ৰচলন সম্পৰ্কে বহু তথ্য লাভ কৰিবলৈ সক্ষম হোৱাৰ লগতে অচিৰেই বহু কেইটা সৰবৰাহকাৰী আৰক্ষীৰ জালত পৰিব বুলি আৰক্ষীৰ এক বিশেষ সূত্ৰই মন্তব্য কৰিছে ৷

চামগুৰি থানাৰ অন্তৰ্গত বাজিয়াগাঁও, ভগামুৰ,কাৱৈমাৰী, সোনাৰিবালি, ৰঙাগড়া, আমনি, শালনা, বৰজুৰি,উদমাৰী, বৰদল,চামগুৰি হাস্পতাল তিনিআলি, পুৰণিগুদাম,চলচলি, চাপানালা আদিকে ধৰি বিভিন্ন অঞ্চলৰ এচাম উশৃংখল কিশোৰ কিশোৰী, যুৱক যুৱতী মাৰাত্মক ড্ৰাগছৰ প্ৰতি আসক্তি হৈ পৰিবেশ বিনষ্ট কৰা পৰিলক্ষিত হৈ আহিছে । এই উশৃংখল যুৱ চামে ড্ৰাগছৰ বাবেই অপৰাধ কৰিবলৈও কুণ্ঠাবোধ নকৰে।

Exit mobile version