প্রকাশৰ ১২ ঘণ্টাৰ পাছতে আমেৰিকাত বেষ্টছেলাৰ হ’ল অভিনেত্রী প্রিয়ংকা চোপ্ৰাৰ গ্রন্থ

Priyanka Chopra memoir

বলিউড অভিনেত্রী প্রিয়ংকা চোপ্রাই এইবাৰ লেখিকা হিচাপে সংবাদ শিৰােনাম দখল কৰিলে। অভিনেত্রীগৰাকীয়ে ৰচনা কৰা প্ৰথমখন স্মৃতিগ্রন্থ ‘আনফিনিছড’ অলপতে প্রকাশ পাইছে।এই গ্রন্থখন আমেৰিকাত প্ৰকাশৰ ১২ ঘণ্টাৰ পাছতে বেষ্টছেলাৰ গ্ৰন্থ হিচাপে স্বীকৃত হয়।

অভিনেত্রীগৰাকীয়ে এই কথা টুইট কৰি কয়, ১২ ঘণ্টাতকৈ কম সময়ত আমেৰিকাত প্রথম স্থান লাভ কৰা বাবে আপােনালােক সকলােলৈ ধন্যবাদ।মই আশা কৰাে আপােনালােক সকলােৱে গ্ৰন্থখন ভাল পাব।‘ প্রিয়ংকাই ইনষ্টাগ্রামত প্রকাশ কৰা মতে, নিজৰ স্মৃতিগ্ৰন্থখনৰ নাম তেওঁ কে’বা বছৰ পূর্বে স্থিৰ কৰিছিল।

Exit mobile version