সন্দেহৰ আৱৰ্তত হাথৰছ দলবদ্ধ ধৰ্ষণৰ প্ৰসংগ

WhatsApp Image 2020 10 05 at 2.41.40 PM

হাথৰছৰ দলবদ্ধ ধৰ্ষণকাণ্ডৰ ফৰেণছিক প্ৰতিবেদনক লৈ বিভিন্ন প্ৰশ্ন উত্থাপন হৈছে । কাৰণ প্ৰতিবেদন অনুসৰি এইয়া ধৰ্ষণ নহয়। কাৰণ পীড়িতাৰ শৰীৰত কোনো স্পাম লাভ কৰা নাই । আনহাতে ধৰ্ষণকাণ্ড সংঘটিত হোৱা ১১ দিনৰ পাছতহে চেম্পল তদন্তৰ কাৰণে পঠোৱা হৈছিল । অৱশ্যে ফৰেণছিক বিশেষজ্ঞৰ মতে ১১ দিনৰ পাছত চেম্পল তদন্ত কৰাৰ কোনো ফলাফল নাহে ৷ কাৰণ এনে ধৰণৰ ঘটনাত পৰীক্ষাত বিলম্ব হ’লে স্পাম শেষ হৈ যায় । ঘটনাটো সংঘটিত হোৱা ৪৮ ঘন্টাৰ পাছত পৰীক্ষা কৰা হ’লে ফলাফল নিশ্চয় লাভ কৰিলিহেঁতেন ৷

উল্লেখযোগ্য যে ২২ছেপ্টেম্বৰত আলীগড়ৰ জে এন মেডিকেল কলেজত পীড়িতাৰ মন্তব্যৰ পাছত এই ঘন্টাৰ তদন্ত কৰা হৈছিল ।সেই মন্তব্যত ধৰ্ষণৰ কথা কোৱা নাছিল। অৱশ্যে পীড়িতাৰ লগত জোৰজবৰদস্তি হোৱাৰ ইংগিত লাভ কৰিছিল । আনহাতে আলীগড় জেএন মেডিকেল কলেজত হোৱা তদন্তত পীড়িতাৰ দেহত কোনো দাগৰ চিন থকা প্ৰকাশ পোৱা নাই যদিও জোৰজবৰদস্তি হৈছিল বুলি প্ৰকাশ পাইছে  ৷ অৱশ্যে ইয়াৰ তদন্তও ১৫ দিনৰ পাছতহে হৈছিল ।

Exit mobile version