আর্মেনিয়াৰ বিৰুদ্ধে আগ্ৰাসন ব্যাপক, বিতৰ্কিত অঞ্চলৰ গাঁও দখল আজাৰবাইন সেনাৰ

WhatsApp Image 2020 10 05 at 5.02.32 PM

আজাৰবাইজানৰ সেনাবাহিনীয়ে আর্মেনিয়াৰ বিৰুদ্ধে আগ্রাসন অধিক ব্যাপক কৰি তুলিছে । এসপ্তাহ ধৰি আজাৰবাইজান- আর্মেনিয়াৰ অব্যাহত থকা সংঘৰ্ষৰ পাছত আজাৰবাইজানৰ ৰাষ্ট্রপতিয়ে বিতর্কিত নাগ’র্ন’- কাৰাবাখ অঞ্চলত এখন গাঁও দেশখনৰ সেনাই দখল কৰা বুলি দাবী কৰে । অৱশ্যে আর্মেনিয়াৰ ৰাষ্ট্রপতিয়ে আজাৰবাইজানৰ এই দাবী অস্বীকাৰ কৰি মাদাগিজ নামৰ গাঁওখন আর্মেনিয়াৰ দখলত থকা বুলি জানিবলৈ দিয়ে ।

শনিবাৰে নিশা উভয় দেশৰ মাজত আক্রমণ তীব্র হৈ উঠিছিল । বিতর্কিত নাগ’র্ন’-কাৰাবাখ অঞ্চল দখলক লৈ দুই প্রতিবেশী ৰাষ্ট্রৰ মাজত শেহতীয়াভাৱে সংঘাত বৃদ্ধি পাইছে  । আজিও আর্মেনিয়া আৰু আজাৰবাইজানৰ মাজত ক্ষেপণাস্ত্র নিক্ষেপ, ৰকেট নিক্ষেপ আদিৰ জৰিয়তে যুঁজ অব্যাহত থাকে।

প্রকাশিত বাতৰি অনুসৰি ইছলামিক ৰাষ্ট্র আজাৰবাইজানক সহায় কৰাৰ বাবে পাকিস্তানী সেনাৰ এটি দল ক’কেছাছ পর্বৰ্তত উপস্থিত হৈছে । ইফালে, আর্মেনিয়াক ৰাছিয়াৰ সেনাই অস্ত্র আদিৰে সহযােগিতা আগবঢ়াইছে। এতিয়ালৈকে উভয় ৰাষ্ট্রৰ মাজত হােৱা যুঁজত কমেও ১৯ জন সাধাৰণ নাগৰিকৰ মৃত্যু হােৱাৰ লগতে ৫৫ জনৰাে অধিক লােক আহত হৈছে।

নাগার্ন’-কাৰাবাখ অঞ্চলৰ প্রশাসনিক বিষয়াই দাবী কৰা মতে, এই যুঁজৰ ফলত আর্মেনিয়াৰ কমেও ১৫০ জন লােকৰ মৃত্যু হৈছে। আর্মেনিয়াৰ ৰাষ্ট্রপতিয়ে পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি দেশবাসীক সতর্ক হ’বলৈ আৰু আজাৰবাইজানৰ সেনাক প্ৰতিৰােধ কৰিবলৈ আগবাঢ়ি আহিবলৈ আহ্বান জনাইছে।

Exit mobile version