একেদিনাই ৫৫ হেজাৰলৈ ভূমিপট্টা

WhatsApp Image 2020 10 06 at 10.46.29 AM

বৰ্তমানৰ ৰাজ্য চৰকাৰে অসম চুক্তিৰ সকলো দফা ৰূপায়ণৰ দিশত অবিৰতভাৱে তথা নিষ্ঠা সহকাৰে পদক্ষেপ লৈ আছে আৰু ভৱিষ্যতলৈও লৈ থাকিব ৷খিলঞ্জীয়া সুৰক্ষিত হ’লেহে অসম সুৰক্ষিত হ’ব ৷ অসম চৰকাৰে অসমৰ থলুৱা তথা খিলঞ্জীয়া পৰিয়ালৰ জাতি মাটি ভেটি সুৰক্ষিতকৰণৰ বাবে যি প্ৰতিশ্ৰুতি দিছিল সেয়া নতুন ভূমি নীতি হাতত লৈ অসমৰ এক লাখৰো অধিক ভূমিহীন পৰিয়াললৈ মাটিৰ পট্টা প্ৰদানৰ পদক্ষেপেই আজি পূৰণ কৰিলে ৷”মাজুলীৰ দৰিয়াপাৰত খিলঞ্জীয়া ভূমিহীন পৰিয়ালক মাটিৰ পট্টা আৰু ভূমিৰ আৱন্টন পত্ৰ প্ৰদান কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে এই মন্তব্য কৰে ৷ৰাজ্য চৰকাৰে দ্বিতীয় পৰ্যায়ত বিভিন্ন জিলাত এই কাৰ্যসূচী ৰূপায়ন কৰি ৫৫ হেজাৰ অধিক পৰিয়ালক মাটিৰ পট্টা প্ৰদান কৰে ৷ইয়াৰ ফলত সমগ্ৰ ৰাজ্যত এই পৰ্যন্ত লক্ষাধিক ভূমিহীন পৰিয়ালে নিজৰ ভূমিত নিজৰ অধিকাৰ সাব্যস্ত কৰিলে ৷

মুখ্যমন্ত্ৰীয়ে মাজুলী জিলাৰ তিনি হেজাৰৰো অধিক ভূমিহীন পৰিয়ালক পট্টা প্ৰদান কৰে ৷এই পদক্ষেপে অসম আন্দোলনৰ দাবী পূৰণ কৰা বুলি উল্লেখ কৰি অনুষ্ঠানত সোনোৱালে কয় যে মাটিৰ ওপৰত অধিকাৰ নাথাকিলে এটা জাতিৰ ভৱিষ্যত সুৰক্ষিত নহয় ।মুখ্যমন্ত্ৰীয়ে লগতে কয় যে বৰ্তমানৰ ৰাজ্য চৰকাৰে ২০১৬ ত শাসনভাৰ গ্ৰহণ কৰাৰ পাছত খিলঞ্জীয়া ভূমিহীন পৰিয়ালক মাটিৰ পট্টা প্ৰদানেৰে তেওঁলোকৰ অধিকাৰ সাব্যকৰণৰ বাবে সিদ্ধান্ত লৈছিল ৷ ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয় যে অসম চুক্তিৰ সকলোবোৰ দফাৰ ফলপ্ৰসূ ৰূপায়ণৰ দিশত ৰাজ্য চৰকাৰে অবিৰতভাৱে পদক্ষেপ গ্ৰহণ কৰি যাব ৷

তেওঁ কয় “যিটো বিষয়ক লৈ অসম আন্দোলন হৈছিল অসমবাসীয়ে তেতিয়া যি অধিকাৰ বিচাৰিছিল সেই ক্ষেত্ৰত এইখন চৰকাৰে কিঞ্চিতমান হ’লেও কৰিবলৈ সক্ষম হৈছে ৷অসম চুক্তিৰ প্ৰতিটো দফা অতি আন্তৰিকতাৰে ৰূপায়ণ কৰাত বিশেষ ভূমিকা লৈছে এইখন চৰকাৰে ৷পূৰ্বৰ কংগ্ৰেছ চৰকাৰে এইবোৰ বিষয় আন্তৰিকতাৰে লোৱা নাছিল।আমি আন্তৰিকতাৰে লৈ আগবাঢ়ি অহাৰ কাৰণে কংগ্ৰেছে সাধাৰণভাৱে ল’ব পৰা নাই । আনহাতে এন আৰ চিৰ প্ৰসংগত সোনোৱালে কয় অসম চৰকাৰে প্ৰথমতে এন আৰ চি কাৰ্যালয়লৈ গৈ জানিবলৈ চেষ্টা কৰিছিলো ৷সমগ্ৰ বিষয়টো উচ্চ ন্যায়ালয়ৰ তত্বাৱধানত চলিছিল। অসমৰ ৰাইজে এন আৰ চিৰ যি অভিযোগ আনিছে তাৰ পৰিপ্ৰেক্ষিতত উচ্চ ন্যায়ালয়ত আবেদন জনোৱা হৈছে।

এখন ত্ৰুটিহীন এন আৰ চি প্ৰস্তুত কৰাত ৰাজ্য চৰকাৰ দায়বদ্ধ ৷” আনহাতে অসমৰ কৃষ্টি সংস্কৃতিৰ পৰিচয় বহন কৰা সত্ৰসমূহৰ ভূমি বেদখলমুক্ত কৰাৰ বাবেও বৰ্তমানৰ চৰকাৰখনে আন্তৰিকতাৰে পদক্ষেপ লোৱা বুলি মুখ্যমন্ত্ৰীয়ে সদৰী কৰে । তেওঁ লগতে কয় যে ৰাজ্যৰ খিলঞ্জীয়া জনসাধাৰণৰ সামাজিক সাংস্কৃতিক ঐতিহ্য সুৰক্ষিতকৰণৰ বাবে ৰাজ্য চৰকাৰে অসম সাহিত্য সভাক ধৰি ৩৩খন সাহিত্য সভালৈ কপাৰ্ছ ফাণ্ড গঠনৰ বাবে পুঁজি আগবঢ়োৱাৰ লগতে সত্ৰ তথা নামঘৰসমূহলৈ বিত্তীয় সাহায্য আগবঢ়াইছে ৷ইফালে পৰৱৰ্তী দুটা মাহত মাজুলীত আৰু পাঁচ হেজাৰ খিলঞ্জীয়া ভূমিহীনক মাটিৰ পট্টা প্ৰদান কৰা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰি।

Exit mobile version