ক’ভিড-১৯ৰ পৰা মুক্ত হৈয়াে হাওঁফাওঁৰ সংক্ৰমণত মৃত্যু নগাঁৱৰ বিশিষ্ট চিকিৎসক তথা সমাজকর্মী ডাঃ শ্ৰীৰাম ম’ৰৰ

IMG 20201006 WA0004

নগাঁৱৰ বিশিষ্ট চিকিৎসক তথা সমাজকর্মী ডাঃ শ্ৰীৰাম ম’ৰৰ আজি পুৱা সাত বজাত গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাৰত অৱস্থাতে মৃত্যু হয়। গুৱাহাটীৰ এপল’ হস্পিতালত প্রথম অৱস্থাত তেওঁৰ আৰটিপিচিআৰ টেষ্ট কৰােৱাত তেওঁৰ দেহত ক’ভিড-১৯পজিটিভৰ অৱস্থিতি ধৰা পৰিছিল যদিও চিকিৎসাৰ অন্তত পৰৱৰ্তী সময়ত ক’ভিড পৰীক্ষাত ফলাফল নিগেটিভ ওলায় ৷

কৰ’নাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকাৰ সময়তে তেওঁক প্লাজমা থেৰাপীও দিয়া হৈছিল । কৰ’নাৰ স’তে দীঘলীয়া যুঁজ কৰি কৰ’নাৰ বিৰুদ্ধে জয়ী হ’লেও পিছলৈ তেওঁৰ হাওঁফাওঁৰ সংক্রমণ হয় ৷ হাওঁফাওঁৰ সংক্রমণে পিছলৈ অতি জটিল ৰূপ ধাৰণ কৰে ।

চিকিৎসালয়খনৰ আইচিইউত চিকিৎসাধীন অৱস্থাতে আজি পুৱা ডাঃ ম’ৰৰ মৃত্যু হয় । বিশিষ্ট চিকিৎসক তথা সমাজকর্মী ডাঃ ম’ৰৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে নগাঁৱত শােকৰ ছাঁ পৰে । মেডিচিন বিভাগৰ বিশেষজ্ঞ চিকিৎসক হিচাপে তেওঁ গৃহ চহৰ নগাঁৱৰ লগতে মধ্য অসমৰ মৰিগাঁও, হােজাই, কার্বিআংলং, ডিমাহাচাও জিলাৰ ৰাইজৰ মাজত অতি আস্থাভাজন আছিল ৷

দৰিদ্ৰ ৰােগীক তেওঁ সহায়ৰ হাত আগবঢ়াইছিল ৷ পৰৱৰ্তী সময়ত তেওঁ নগাঁও চহৰতে “জি ডি নাৰ্ছিংহােম”নামৰ এখন ব্যক্তিগত চিকিৎসালয় স্থাপন কৰি ক্লিনিকৰ সমন্তৰালকৈ নাৰ্ছিংহােমতো চিকিৎসা সেৱা আৰম্ভ কৰে । জিলা খনৰ মাৰােৱাৰী সমাজৰ লগতে অন্য বহু সামাজিক-ধর্মীয় অনুষ্ঠানৰ সৈতে ডাঃ ম’ৰ নিবিড়ভাৱে জড়িত আছিল ৷

তেওঁ অসম সাহিত্য সভাৰ আজীৱন সদস্য আৰু বটদ্ৰৱা থান পৰিচালনা সমিতিৰাে সদস্য আছিল ৷ বিশিষ্ট চিকিৎসক তথা সমাজকর্মী ডাঃ শ্ৰীৰাম ম’ৰৰ বিয়ােগত নগাঁৱৰ বিধায়ক ৰূপক শর্মা, প্রাক্তন মন্ত্ৰী ৰকিবুল হুছেইন, প্রাক্তন মুখ্যমন্ত্রী প্রফুল্ল কুমাৰ মহন্ত, প্রাক্তন কেন্দ্রীয় মন্ত্রী ৰাজেন গোঁহাই, প্রাক্তন বিধায়ক ডাঃ দুর্লভ চমুৱা, নগাঁও জিলা সাহিত্য সভা, শ্রী শ্রী বটদ্ৰৱা থান পৰিচালনা সমিতি, মাৰােৱাৰী সমাজ আদিয়ে গভীৰ শােক প্রকাশ কৰিছে ৷

Exit mobile version