গডছেৰ নামত ইউটিউব চেনেল খুলিব হিন্দু মহাসভাই

WhatsApp Image 2020 10 06 at 11.00.37 AM

জাতিৰ পিতা মহাত্মা গান্ধীৰ হত্যাকাৰী নাথুৰাম গডছেৰ নামত খোলা হ’ব ইউটিউব চেনেল । এই চেনেলতে বাখ্য কৰা হ’ব গডছেই গান্ধীক হত্যা কৰাৰ কাৰণ। সেই কাৰণসমূহৰ সমান্তৰালকৈ গডছেৰ মহিমাও ইউটিউব চেনেলত দেখুওৱা হ’ব ৷ বিশেষকৈ গান্ধীক হত্যাৰ ন্যায্যতা বাখ্যা কৰাৰ বাবেই এই পদক্ষেপ হাতত লোৱা বুলি ধাৰণা কৰা হৈছে । এক সাক্ষাৎকাৰত হিন্দু মহাসভাৰ মুখপাত্ৰ অভিষেক আগৰৱালে কয় “বৰ্তমান প্ৰজন্ম সামাজিক মাধ্যমত অতিশয় সক্ৰিয় ৷ নাথুৰাম গডছেৰ চেনেলটোৰ মাধ্যমেৰে আমি তেওঁলোকৰ স’তে জনসংযোগ অধিক বৃদ্ধি কৰিব বিচাৰিছো। কিয় তেওঁ গান্ধীক হত্যা কৰিছিল ? সেই এই বিষয়ে তাত ব্যাখ্যা দাঙি ধৰা হ’ব ৷ইয়াৰ উপৰি গডছেৰ কি কি ভাল কাম কৰিছিল, সেইবোৰো প্ৰচাৰ কৰা হ’ব ৷ মুঠতে গডছেৰ প্ৰচাৰেই ইয়াৰ মূল লক্ষ্য ৷ হিন্দু মহাসভাৰ এই পদক্ষেপত স্বাভাৱিকতে কংগ্ৰেছে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷”

কংগ্ৰেছ নেত্ৰী অৰ্ধনা মিশ্ৰই এই প্ৰসংগত কয় “গান্ধীজীৰ চিন্তা ধাৰা নষ্ট কৰি গডছেৰ দৰে এজন লোকৰ ভাৱমূৰ্ত্তিক উজ্জ্বল কৰাৰ বাবেই এই হিন্দুত্ববাদী দলটোৰ মূল উদ্দেশ্য ৷ কিন্তু প্ৰত্যেক ভাৰতীয়ৰ ডিএনএত গান্ধীজীৰ প্ৰতি শ্ৰদ্ধা আছে ৷গডছেৰ ভাৱমূৰ্ত্তি উজ্জ্বল কৰাৰ এই চেষ্টা কেতিয়াও সফল নহ’ব ৷”

উল্লেখযোগ্য যে যোৱা দুই অক্টোবৰত দেশে পালন কৰিলে জাতিৰ পিতাৰ ১৫১ সংখ্যক জন্মদিন ৷কৰ’না পৰিস্থিতিতো দেশজুৰি গান্ধী জয়ন্তী পালন কৰা হয় ৷কিন্তু সেই দিনাই দেশত দেখা গ’ল গান্ধী বিৰোধী সক্ৰিয়তা। দুই অক্টোবৰত গান্ধীৰ হত্যাকাৰী গডেছৰ নামটোৱে স্থান পায় টুইটাৰৰ টপ ট্ৰেণ্ডত ।সেইদিনা পুৱাৰ পৰাই টুইটাৰৰ টপ ট্ৰেণ্ড তালিকাত দেখা যায় । “নাথুৰাম গডছে জিন্দাবাদ” ধ্বনি ৷ইয়াক লৈ যথেষ্ট বিতৰ্কৰো সূত্ৰপাত হৈছে। কংগ্ৰেছৰ শীৰ্ষ নেতাসকলেও ক্ষোভ প্ৰকাশ কৰিছিল । অৱশ্যে ইয়াৰ পূৰ্বে একাধিকবাৰ বিজেপি নেতা- মন্ত্ৰীয়ে প্ৰকাশ গডছে বন্দনাত মুখৰ হোৱা পৰিলক্ষিত হৈছিল ।আনকি বিজেপি সাংসদ প্ৰজ্ঞা ঠাকুৰে গডছেক “দেশভক্ত” আখ্যা দিয়া ঘটনাও প্ৰচুৰ বিতৰ্কিত হৈছিল ।

Exit mobile version