- প্ৰশ্ন কাকত ফাদিলৰ ঘটনাৰ অন্যতম অভিযুক্ত পি কে দত্তক গ্ৰেপ্তাৰ।
- ভাৰত- নেপাল সীমান্তৰ কাকৰভিটাত গ্ৰেপ্তাৰ কুখ্যাত অৱসৰপ্ৰাপ্ত আৰক্ষী উপ-মহাপৰিদৰ্শকজন।
- আত্মসমৰ্পণৰ বাবে গুৱাহাটীলৈ আহি থকাৰ সময়তে উত্তৰ বংগ আৰক্ষীৰ বিশেষ শাখা(চোৰাংচোৱা সংস্থা)ই অসম আৰক্ষীৰ তথ্যৰ ভিত্তিত গ্ৰেপ্তাৰ কৰে ।
- প্ৰশ্নকাকত ফাদিলৰ ঘটনাত নাম সাঙোৰ খাই পৰাৰ পাছৰে পৰা অভিযুক্ত দত্তই আত্মগোপন কৰে নেপালত।
- সহযোগী দিলীপ গগৈ ওৰফে ভাইৰ সহযোগত যোৱা ২৩ ছেপ্টেম্বৰত গুৱাহাটীৰ পৰা স্থলপথেৰে পলায়ন কৰিছিল দত্তই।
- আয় বহিৰ্ভূত সম্পত্তি সম্পৰ্কত প্ৰৱৰ্তক সঞ্চালকালয় (ই ডি)য়ে গোচৰ ৰুজু কৰাৰ পাছতে আত্মসমৰ্পনৰ বাবে অভিযুক্ত দত্তই মধ্যস্থতাকাৰীৰে আৰক্ষীৰে যোগাযোগ কৰে।
- ধৃত দত্তক অনাৰ বাবে পশ্চিম বংগলৈ ৰাওনা হৈছে অসম আৰক্ষীৰ দল।
- ভাৰত-নেপাল সীমান্তৰ প্ৰব্ৰজন কেন্দ্ৰত পুত্ৰ ঈশান দত্ত আৰু জোৱায়েক সুজানো ধৃত দত্তৰ লগতে আছে ।
এছ আই কেলেংকাৰীৰ অন্যতম অভিযুক্ত পি কে দত্তক গ্ৰেপ্তাৰ
