বীয়েৰ পানৰ শাস্তি:ইংলেণ্ডত বৃদ্ধৰ বিলৈ

court hamGmera

বীয়েৰ সুৰাপ্ৰেমীসকলৰ মাজত যথেষ্ট জনপ্রিয় ।ইউৰোপৰ দেশবিলাকত প্ৰধানকৈ বীয়েৰ পান কৰি অধিক স্বাচ্ছন্দ‍্যবোধ কৰে অধিবাসীসকলে ;কিন্তু মনৰ পছন্দৰ পানীয় গলাধৰণ কৰিবলৈ গৈ যদি আৰক্ষীৰ হাতত আটক হোৱাৰ লগতে জৰিমনা ভৰিবলগীয়া হয় ,তেন্তে বীয়েৰ পান কৰা লোকসকলৰ অৱস্থা কেনে হ’ব ।এনে এক অভিজ্ঞতাৰ সন্মুখীন হৈছে ইংলেণ্ডৰ এজন লোকে ।

তেওঁ পাঁচ হেজাৰ পাউণ্ড অৰ্থাৎ ভাৰতীয় মুদ্ৰাত ৪.৭৪ লাখ টকা জৰিমনা দিবলৈ বাধ্য হয় ।৭৯ বছৰ বয়সীয়া হেনৰি মেকৰ্থি নামৰ লোকজনে ঘটনাটোক লৈ অবাক হৈ পৰে ।অৱশ্যে ঘটনাটোৰ বাবে বৃদ্ধলোকজন দায়ীও আছিল ।কৰ’না সংক্ৰমণৰ বাবে ইংলেণ্ডত একাধিক বাধা নিষেধ এতিয়াও অব্যাহত আছে ।হেনৰি মেকৰ্থি নিজেও সম্প্ৰতি ক’ভিড ‘পজিটিভ’ হৈ আছে ।

নিয়ম অনুসৰি তেওঁ ঘৰত অকলশৰীয়াকৈ থাকিব লাগিছিল।বীয়েৰ পানৰ লোভত কিন্তু তেওঁ নিয়ম অমান্য কৰি ঘৰৰ পৰা ওলাই যায় ।’ক্ৰেবি জেক’ নামৰ এখন ‘পাব’ত বহি মেকৰ্থিয়ে বীয়েৰ পান কৰিবলৈ আৰম্ভ কৰে ।পিছে মেকৰ্থি ধৰা পৰে আৰক্ষীৰ হাতত ।নিজৰ দোষ স্বীকাৰ কৰিলেও আদালতে তেওঁক কোনো সকাহ নিদিয়াকৈ জৰিমনা আদায়ৰ নিৰ্দেশ দিয়ে ।অলপ বীয়েৰৰ বাবে ভাৰতীয় মুদ্ৰাত পাঁচ লাখ টকাৰ জৰিমনা ঘোষণা কৰে ।ঘটনাটো কৰ’না আক্ৰান্তসকলৰ বাবে ‘পাঠ’ স্বৰূপ হৈ পৰিছে ।

Exit mobile version