১৫ অক্টোবৰৰ পৰা পুনৰ খুলিব চিনেমাহলসমূহ

1601491004 5618

তলাবন্ধৰ প্ৰায় ৭ মাহৰ অন্তত ১৫ অক্টোবৰৰ পৰা পুনৰ খুলিব চিনেমাহল সমূহ। নতুন নীতি নিৰ্দেশনা অনুসৰি কি কি সলনি হ’ব ? চাওঁ আহক সবিশেষ –

◆ আনলক ৫ ৰ নতুন নিৰ্দেশ অনুসৰি ৫০ শতাংশ আসনেৰে চিনেমাহল আৰু মাল্টিপ্লেক্সসমূহ পুনৰ খুলিব পাৰিব ।
◆ মঙলবাৰে Ministry of Information and Broadcasting য়ে এই সন্দৰ্ভত SOP জাৰি কৰে, যিটো প্ৰত্যেকটো চিনেমাহল আৰু মাল্টিপ্লেক্সসমূহে মানি চলিব লাগিব ।
◆ নিৰ্দিষ্ট দূৰত্বত আসনত বহাটো গুৰুত্বপূৰ্ণ ।
◆ প্ৰত্যেকটো চিনেমাহলত চেনিটাইজাৰ আৰু হেণ্ডৱাশ্বৰ ব্যৱস্থা কৰিব লাগিব ।
◆ আৰোগ্য সেতু এপৰ ব্যৱহাৰ কৰিব লাগিব আৰু চিনেমাহলত প্ৰৱেশ কৰাৰ আগতে থাৰ্মেল স্ক্ৰিণীং কৰাটো আৱশ্যকীয় ।
◆ কোনো লক্ষণ নথকা লোককহে প্ৰৱেশ কৰিবলৈ দিয়া হ’ব ।
◆ সমাগম নহ’বৰ বাবে গোটেই দিনটো বক্স অফিচৰ কাউণ্টাৰ খোলা ৰখা হ’ব ।
◆ Intermission ৰ সময়ত খাদ্য ডেলিভাৰীত নিষেধ । কেৱল পেকেটত থকা খাদ্যৰহে অনুমতি দিয়া হৈছে ।
◆ অ’ডিটৰিয়ামৰ বাহিৰত সমাগম নহ’বলৈ শ্ব’ৰ সময় নিৰ্ধাৰণ কৰি দিয়া হ’ব ।
◆ নিয়মিত ৰূপত বক্স অফিচ আৰু অন্য ঠাইসমূহ পৰিষ্কাৰ কৰাটো আৱশ্যকীয় ।
◆ অ’ডিটৰিয়ামৰ ভিতৰত সকলো এয়াৰ কণ্ডিচনাৰৰ তাপমাত্ৰা ২৪-৩০ ডিগ্ৰী চেলচিয়াছৰ ভিতৰত থাকিব ।
◆ মাস্ক পৰিধান, হাত পৰিষ্কাৰ কৰা, নিৰ্দিষ্ট দূৰত্ব বৰ্তাই ৰখাৰ ৰাজহুৱা ঘোষণাসমূহ চিনেমা আৰম্ভ হোৱাৰ পূৰ্বে আৰু Intermission ৰ সময়ত ঘোষণা কৰা হ’ব ।
◆ চিনেমাহলত নিজৰ ফোন নম্বৰ দিব লাগিব যাতে যোগাযোগৰ প্ৰয়োজন হ’লে সুবিধা হয় ।

Exit mobile version