২৭ ফেব্ৰুৱাৰীত সর্ববৃহৎ লিংগাকাৰ মহামৃত্যুঞ্জয় মন্দিৰৰ উদ্ধোধনী অনুষ্ঠান

IMG 20201006 WA0009

নগাঁৱৰ পুৰণিগুদামৰ ভেৰৰেীৰ নৰসিংহ ক্ষেত্ৰত নির্মাণ কার্য চলি থকা ১২৬ ফুট উচ্চতাৰ বিশ্বৰ ভিতৰতে সর্ববৃহৎ লিংগাকাৰ মন্দিৰৰূপে পৰিচিত মহামৃত্যুঞ্জয় মন্দিৰত আজি পুৱাই উপস্থিত হয় ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগৰ মন্ত্রী তথা শ্রী শ্রী মহামৃত্যুঞ্জয় সেৱা ট্ৰাষ্টৰ অধ্যক্ষ ড০ হিমন্ত বিশ্ব শর্মা ।

মন্ত্ৰীগৰাকী মহামৃত্যুঞ্জয় মন্দিৰত উপস্থিত হৈ পােনপ্ৰথমে আশীৰ্বাদ লোৱাৰ পাছতেই মন্দিৰৰ অন্যান্য বিষয়ববীয়া সকলৰ স’তে এক আলােচনাত মিলিত হয় । উল্লেখ্য যে ভেৰভেৰী নৰসিংহ ক্ষেত্রত নির্মাণ কার্য চলি থকা ১২৬ ফুট উচ্চতাৰ মন্দিৰ ভাগ অহা মাঘী সপ্তমী তিথিত ১০৮ কুণ্ডৰ মহামৃত্যুঞ্জয় যজ্ঞৰে ভক্তৰ বাবে মুকলি কৰি দিয়া হ’ব বুলি বৈদিক ৰিচাৰ্চ গ্লৱেল ষ্টাডি চেন্টাৰৰ সভাপতি প্রবীণ গােস্বামীয়ে সংবাদ মাধ্যমক জানিবলৈ দিছে ৷

ইয়াৰ পূর্বে মন্দিৰটো ডিচেম্বৰত ভক্তৰ বাবে মুকলি কৰাৰ কথা আছিল যদিও আজি ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত হােৱা এক আলােচনাত উদ্ধোধনী অনুষ্ঠান ২০২১ বৰ্ষৰ ফেব্ৰুৱাৰী মাহলৈ পিছুৱাই দিয়ে । দেশৰ প্ৰধানমন্ত্রী নৰেন্দ্ৰ মােডীয়ে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্রী যােগী আদিত্যনাথৰ উপস্থিতিত বিশ্বৰ ভিতৰতেই সর্ববৃহৎ লিংগাকাৰ মন্দিৰভাগ ২০২১ৰ ২৭ ফেব্ৰুৱাৰীত ১২.৪৫ বজাত উদ্ধোধন কৰিব বুলি ইতিমধ্যে মন্দিৰ পৰিচালনা সমিতিয়ে সংবাদ মাধ্যমক জানিবলৈ দিছে।

লগতে প্রধানমন্ত্রী আগমনৰ বার্তা পাই মন্দিৰ কৰ্তৃপক্ষই দিনে-নিশাই প্রস্তুতি অব্যাহত ৰাখিছে।উল্লেখ্য যে বিশ্বৰ ভিতৰতে সর্ববৃহৎ লিংগাকাৰ মহামৃত্যুঞ্জয় মন্দিৰত ১১ দিনীয়া উদ্বোধনী কাৰ্যসূচীৰ বাবে এতিয়া প্রস্তুতি তুংগত উঠিছে।আনহাতে মহামৃত্যুঞ্জয় মন্দিৰলৈ প্রধানমন্ত্রী নৰেন্দ্ৰ মােডী আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্রী যােগী আদিত্যনাথ অহাৰ খবৰ বিয়পি পৰাৰ লগে লগে এতিয়া উৎফুল্লিত হৈ পৰিছে স্থানীয় ৰাইজ ‌।

Exit mobile version