আৰক্ষীৰে সংঘৰ্ষত নিহত কুকি উগ্ৰপন্থী সংগঠন ইউ পি আৰ এফৰ সেনাধ্যক্ষ মাৰ্টিন গুইটে

WhatsApp Image 2020 10 06 at 10.41.20 AM

কাৰ্বি আংলঙৰ আৰক্ষীৰ এক সফল অভিযানত আজি পুৱতি নিশা সশস্ত্ৰ কুকি উগ্ৰপন্থী সংগঠন ইউ.পি.আৰ.এফ.ৰ সেনাধ্যক্ষ মাৰ্টিন গুইট নিহত হয় ৷ উল্লেখযোগ্য যে যোৱা আগষ্ট মাহত মাৰ্টিন গুইটেৰ নেতৃত্বত কাৰ্বি আংলঙৰ পৰ্যটনস্থলী টকলাংছ’ জলপ্ৰপাতত উগ্ৰপন্থী সংগঠনটোৰ এটা গোটে অত্যাধুনিক মৰণাস্ত্ৰ সহ মুক্ত বিচৰণ কৰিছিল ৷

ঘটনাৰ বিৱৰণী মতে কাৰ্বি আংলং জিলাৰ দুৰ্গমদ সিংহাসন পাহাৰৰ অন্তৰ্গত জলেন নামৰ অঞ্চলত সেনাধ্যক্ষ গৰাকীয়ে আশ্ৰয় লৈ থকাৰ খবৰ লাভ কৰিয়েই কাৰ্বি আংলং আৰক্ষীৰ মাঞ্জা থানাৰ এটা দলে পুৱতি নিশা অতৰ্কিতে অঞ্চলটোত অভিযান চলাওতে আত্মগোপন কৰি থকা গুইটেই আৰক্ষীলৈ লক্ষ্য কৰি গুলীচালনা কৰে ৷ প্ৰত্যুত্তৰত আৰক্ষীয়েও গুলীচালনা কৰাত সেনাধ্যক্ষ গৰাকী নিহত হয় ৷ অভিযানত আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা এটা পিষ্টল, চাৰিজাই সক্ৰিয় আৰু দুটা নিষ্ক্ৰিয় গুলী উদ্ধাৰ কৰে ৷

Exit mobile version