তিনি লাখ দিয়াচলাই কাঠিৰে সাজিলে তাজমহল

Taj Mahal

পশ্চিমবংগৰ ছহেলী পাল নামৰ যুৱতীগৰাকীয়ে নতুন সৃষ্টিৰ আনন্দ লাভ কৰিবলৈ ন-ৰূপত সাজি উলিয়াইছে তাজমহল।যি সৃষ্টিয়ে গিনিজ বুক অৱ ৰেকৰ্ডছৰ বিশ্ব অভিলেখত স্থান লাভ কৰিবলৈ সক্ষম হ’ব বুলি আশা কৰা হৈছে।

নতুন এই তাজমহলটো কিন্তু মাৰ্বলেৰে সাজি উলিওৱা হোৱা নাই ।বংগৰ ২২ বছৰ বয়সীয়া এইগৰাকী যুৱতীয়ে তিনি লাখ দিয়াচলাই কাঠি ব্যৱহাৰ কৰিছে নিজৰ তাজমহলটো সাজি উলিয়াবলৈ ।ছহেলীৰ তাজমহলটোৰ উচ্চতা ছফুট আৰু বহলে চাৰি ফুট ।

যুৱতী গৰাকীয়ে জনোৱা অনুসৰি নিশাৰ এন্ধাৰত তাজমহলটো উজ্জ্বলি উঠিব পৰাকৈ দুটা ৰঙৰ ব্যৱহাৰ কৰা হৈছে।যোৱা আগষ্টৰ মাজ ভাগৰ পৰা নিজৰ তাজমহলটোৰ কাম আৰম্ভ কৰে যুৱতীগৰাকীয়ে।ছহেলীয়ে গিনিজ বিশ্ব অভিলেখৰ বাবে অনুসৰণ কৰিবলগীয়া ‘গাইড লাইন ‘ সন্দৰ্ভত ইতিমধ্যে স্পষ্ট হৈ গৈছে।

যোৱা ৩০ ছেপ্টেম্বৰত নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱা তাজমহলটোৰ এটা ভিডিঅ’ প্ৰস্তুত কৰি গিনিজ বুকলৈ প্ৰেৰণ কৰে ।এতিয়া গিনিজ বুকৰ পৰা সুখবৰ অহালৈ অপেক্ষা কৰি আছে ছহেলী তথা তেওঁৰ পৰিয়াল।

Exit mobile version