বাঁহ ফুলৰ পৰা চাউল আৰু বিস্কুট তৈয়াৰ কৰি ত্ৰিপুৰাই সৃষ্টি কৰিলে অভিলেখ

IMG 20201006 WA0039

বাঁহ ফুলৰ পৰা চাউল আৰু বিস্কুট উৎপাদন কৰি অভিলেখ সৃষ্টি কৰিছে অসমৰ চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাই। কেৱল সেয়াই নহয় ত্ৰিপুৰাই মুলি বাঁহ প্ৰচেছিং কৰি তৈয়াৰ কৰিছে বিস্কুট ।এই তথ্য সদৰী কৰে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে ৷

লগতে মুখ্যমন্ত্ৰী বিপ্লৱ কুদাৰ দেৱে কয় যে বাঁহৰ ফুলৰ পৰা চাউল তৈয়াৰ কৰাৰ যথেষ্ট উপকাৰিতা আছে ৷কাৰণ ইয়াত আন চাউলতকৈ প্ৰ’টিনৰ মাত্ৰা বহুত বেছি ।আৰু বাঁহ ফুলৰ চাউলে চুগাৰো নিয়ন্ত্ৰণ কৰে ।এই মন্তব্য ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লব কুমাৰ দেৱৰ।

মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে কয় যে প্লাষ্টিকৰ পৰা চাউলৰ লগতে অন্যান্য সামগ্ৰী চীনে প্ৰস্তুত কৰি মানৱ শৰীৰলৈ ভাবুকি কঢ়িয়াই আনিছে ।গতিকে মুলি বাঁহৰ দ্বাৰা প্ৰস্তুত কৰা বিস্কুট শৰীৰৰ কাৰণে বহু উপকাৰী ৷ বাঁহ ফুলৰ পৰা তৈয়াৰ কৰা চাউল প্ৰতিকিলোত ত্ৰিপুৰা বজাৰত ১৫ হাজাৰ হ’লেও নিবনুৱা সকলৰ কাৰণে ৭/৮ হাজাৰ টকাতে উপলব্ধ হ’ব ৷

আনহাতে বাঁহৰ পৰা তৈয়াৰ কৰা বিস্কুট তৈয়াৰ কৰাৰ ক্ষেত্ৰত ত্ৰিপুৰাৰ লিচুবাগানত এটা প্ৰশিক্ষণ শিবিৰৰ আয়োজন কৰে বানিজ্য মন্ত্ৰণালয়ে ।শিল্প আৰু বানিজ্য দপ্তৰৰ সচিব কিৰণ গিত্যে কয় যে বাঁহৰ পৰা উন্নত মানৰ বিস্কুট তৈয়াৰ কৰা সম্ভৱ ।

Exit mobile version