অসম আৰক্ষীৰ উপ পৰিদৰ্শক নিযুক্তি কেলেংকাৰীত জড়িত বঙাইগাঁও চহৰৰ অক্ষয় টেলি কমিনিউনিকেচনৰ কাৰ্যালয় ছীল কৰিলে বঙাইগাঁও আৰক্ষীয়ে

IMG 20201007 WA0028

আজি পুৱা ৪ বজাত বঙাইগাঁও জিলা আৰক্ষী অধীক্ষক সুবোধ সোণোৱালৰ নেতৃত্বত যোৱা আৰক্ষীৰ দল এটাই বঙাইগাঁও চহৰৰ বিঅচি গেট অঞ্চলৰ অক্ষয় টেলি কমিউনিকেচনৰ কাৰ্যালয়টো ছীল কৰে । ৰাজ্যত সংঘটিত হোৱা অসম আৰক্ষীৰ উপ পৰিদৰ্শক নিযুক্তি কেলেংকাৰীত নাম সাঙুৰ খোৱা বঙাইগাঁওৰ অক্ষয় টেলি কমিউনিকেচন নামৰ কোম্পানিটোৰ কাৰ্যালয়টো আজি ছীল কৰে । এই নিযুক্তি কেলেঙ্কাৰীত সাঙোৰ খাইছে বঙাইগাঁওৰ কোম্পানিটোৰ মালিক আখীয়া চান্দ আৰু ইয়াৰ এজন কৰ্মচাৰী ৰুবুল হাজৰিকাৰ নাম ।

আনহাতে, দুয়োজনেই সম্প্ৰতি পলাতক বুলি জানিব পৰা গৈছে । জানিব পৰা মতে আৰক্ষীয়ে যোৱা নিশা ১২ বজাৰ পিছত দুয়োজনৰ ঘৰত তালাচী চলোৱাৰ পিচতে আজি পুৱা কাৰ্যালয়টো ছীল কৰে আৰক্ষীয়ে। কাৰ্যালয় ছিল কৰাৰ সময়ত এজন কৰ্মচাৰীকো আটক কৰে আৰক্ষীয়ে ।

এই বিষয়ে বঙাইগাঁও জিলা আৰক্ষী অধীক্ষক জনৰ স’তে যোগাযোগ কৰাত জনায় যে উৰ্ধতম কৰ্তৃপক্ষৰ নিৰ্দেশত কাৰ্যালয়টো ছীল কৰা হৈছে বুলি জনায় আৰক্ষী অধীক্ষক জনে । এই পর্যন্ত আটক কৰা লোকজনৰ নাম জানিব পৰা নাই আৰু এই বিষয়ে আৰক্ষীয়ে কোনোপধ‍্যেই মুখ খোলা নাই । কাৰ্যালয়টো ছীল কৰাৰ সময়ত কিছু নথি-পত্ৰ আৰক্ষীয়ে উদ্ধাৰ কৰাৰ কথাও জানিব পৰা গৈছে ।

আনহাতে, যোগান মন্ত্ৰীৰ অতিকৈ ঘনিষ্ঠ বঙাইগাঁওৰ ব‍্যৱসায়ীৰ নাম সাঙোৰ খোৱাত বঙাইগাঁও জিলাৰ বিভিন্ন দল সংগঠনৰ নেতৃত্বই প্ৰতিক্ৰিয়া প্ৰকাশ কৰা পৰিলক্ষিত হৈছে । এছ আই কেলেংকাৰীৰ নিয়ুক্তিৰ সন্দৰ্ভত বঙাইগাৱঁৰ অক্ষয় টেলি কমিওনিকেচনৰ তথ্য পোহৰলৈ আহিছে ৷ এই বিৰ্তকিত ব্যৱসায়ী জন বঙাইগাঁৱৰ বিধায়ক তথা যোগান মন্ত্ৰীৰ একান্ত ঘনিষ্ঠ তথা সোঁ হাত স্বৰূপ ৷ মন্ত্ৰী গৰাকীও এই কেলেংকাৰীত জড়িত হোৱাৰ সম্ভাৱনা কৰি তদন্তৰ আওতাত আনিবলৈ দাবী কৰে বঙাইগাঁওৰ কে’বাটাও সংগঠনৰ নেতাই ৷

ন‍্যায়াধীশৰ তত্বাৱধানত চি বি আইৰ তদন্তৰ আওতাত এই অক্ষয় টেলি কমিনিউকেচনক আনিবলৈ দাবী কৰিছে বঙাইগাঁৱৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা নন্দন দেৱ নাথ আৰু সৰ্বভাৰতীয় যুৱ কংগ্ৰেছৰ মুখপাত্ৰ জ্যোতিৰ্ময় বৈশ্যই ৷ বঙাইগাঁও জিলা কৃষক মুক্তিৰ সম্পাদক নন্দন দেৱনাথে আজি আৰক্ষীয়ে কাৰ্যালয়টো ছীল কৰা কাৰ্যক আদৰণী জনোৱাৰ লগতে মালিক আখীয়া চান্দ আৰু ইয়াৰ সৈতে জড়িত ৰুবুল হাজৰিকা, চয়ন শৰ্মাক গ্ৰেপ্তাৰৰ দাবী জনায় ।

ইয়াৰ লগতে মন্ত্ৰী ফণীভূষণ চৌধুৰীকো তদন্তৰ আওতাত আনিবলৈ দাবী উত্থাপন কৰে । দোষীৰ বিৰুদ্ধে তদন্তমৰ্মে বিহিত ব‍্যৱস্থা ললেহে শিক্ষিত নিৱনুৱা সকলে ন‍্যায় পাব বুলি কয় কৃষক নেতা নন্দন দেৱনাথে । অসম আৰক্ষীৰ উপ পৰিদৰ্শক নিয়ুক্তিৰ কেলেংকাৰী তদন্তৰ নামত ভেকোভাওনা হোৱাৰ অভিযোগ তুলি প্ৰকৃ়ত দোষী, ৰৌ বৰালীক গ্ৰেপ্তাৰ নকৰি কেইজনমান যুৱকক গ্ৰেপ্তাৰ কৰি দায় সাৰিব খুজিছে বিজেপি নেতৃত্বাধীন অসম চৰকাৰে ৷

ইয়াৰ তদন্ত যদি ভালদৰে হয় তেন্তে ইয়াৰ স’তে অসম চৰকাৰৰ নেতা-মন্ত্ৰী জড়িত থকাৰ তথ‍্য পোহৰলৈ অহাটো নিশ্চিত বুলিও দাবী কৰিছে বহু দল সংগঠনৰ নেতৃত্বই । উল্লেখ্য যে, ইতিমধ‍্যে এই নিযুক্তি কেলেঙ্কাৰীৰ মাষ্টাৰ মাইণ্ড বুলি দাবী কৰা পি কে দত্তক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ।

Exit mobile version