অসম আৰক্ষীৰ উপ পৰিদৰ্শক পদৰ নিযুক্তি কেলেংকাৰি

WhatsApp Image 2020 10 07 at 11.24.10 AM

খেল খতম পইচা হজম। এই দিশেই গতি কৰিছে অসম আৰক্ষীৰ উপ পৰিদৰ্শক পদৰ নিযুক্তিৰ বাবে আয়োজিত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাই ৷ এই সম্পৰ্কত আৰক্ষীৰ আৰক্ষী নিযুক্তি ব’ৰ্ডৰ পদত্যাগী অধ্যক্ষ প্ৰদীপ কুমাৰে দাখিল কৰা এজাহাৰৰ ভিত্তিত চি আই ডিয়ে গোচৰ ৰজু কৰাৰ সম্পূৰ্ণ ১৭ দিন উকলি গ’ল ,অথচ আজি পৰ্যন্ত তদন্তকাৰী সংস্থাটোৱে প্ৰশ্নকাকত ফাদিল কৰা মূল চক্ৰৰ শুংসূত্ৰ উলায়াব পৰা নাই।

ইয়াৰ মাজতে ভাৰত নেপাল সীমান্তত জালত পৰে সুদীৰ্ঘ ১৪ দিন ধৰি আত্মগোপন কৰি থকা প্ৰাক্তন আৰক্ষী উপ পৰিদৰ্শক প্ৰশান্ত কুমাৰ দত্ত। লগতে মহানগৰ আৰক্ষীৰ জিম্মাৰ পৰাই সংশ্লিষ্ট গোচৰত চি আই ডি য়ে আজি গ্ৰেপ্তাৰ কৰে অন্যতম অভিযুক্ত তথা বিজেপি নেতা দ্বিবন ডেকাক। ফলত পি কে দত্ত আৰু দ্বিবন ডেকাৰ পৰ্যায়তে প্ৰশ্নকাকত ফাদিলৰ গোচৰৰ তদন্ত প্ৰক্ৰিয়া স্তব্ধ হৈ পৰাৰ উপক্ৰম হৈছে ৷

বিশেষকৈ প্ৰশ্নকাকত ফাদিল সম্পৰ্কত ৰজু হৈ থকা ২১/২০২০ নম্বৰ গোচৰৰ তদন্ত প্ৰক্ৰিয়াই পি কে দত্ত আৰু দ্বিবন ডেকাৰ পৰ্যায়ৰ পৰা এখোজো আগবাঢ়িব নোৱাৰে বুলি চি আই ডিতে আশংকাৰ সৃষ্টি হোৱা বুলি তদন্তকাৰী সংস্থাটোৰ এক উচ্চস্তৰীয় সূত্ৰই জনায় ৷অৱশ্যে এই গোচৰত অভিযুক্তৰ তালিকা দীঘলীয়া কৰাৰ বাবে অনাগত দিনত আৰু কে’বাজনো চাকৰি প্ৰত্যাশী যুৱক যুৱতী জালত পৰিব বুলিব সূত্ৰটোৱে উল্লেখ কৰে।

এই প্ৰক্ৰিয়া আধাৰতে মহানগৰীৰ হোটেল ভাৰ্গৱ গ্ৰেণ্ডত বাহৰ পাতি পৰীক্ষাৰ পূৰ্বে হাতে লিখা প্ৰশ্নকাকত জৰিয়তে অনুশীলন কৰি পুনৰ গ্ৰেপ্তাৰ হ’ল দুই চাকৰি প্ৰত্যাশী ৷চি আই ডিৰ জালত পৰা অভিযুক্তদ্বয় হৈছে ক্ৰমে চাংসাৰিৰ মৃণাল কুমাৰ নাথ আৰু কাকুমণি নাথ ৷ধৃত অভিযুক্তদ্বয়ে যোৱা ১৯ আৰু ২০ ছেপ্টেম্বৰত হোটেল ভাৰ্গৱ গ্ৰেণ্ডত বাহৰ পতা বুলি চি আই ডিয়ে জনায়।

Exit mobile version