এইবাৰৰ পদাৰ্থ বিজ্ঞানৰ ন’বেল পুৰস্কাৰত কৃষ্ণগহ্বৰৰ জয়জয়কাৰ ৷অনাদি অনন্তকাল ৰহস্যৰ কুহেলিকাৰে ভৰা কৃষ্ণ গহ্বৰৰ ওপৰত কৰা গৱেষণাৰ বাবেই ব্ৰিটেইনৰ ৰ’জাৰ পেনৰ’জ ,জাৰ্মানীৰ ৰেনহাৰ্ড গেনজেল আৰু আমেৰিকাৰ এন্দ্ৰিয়া ঘেজে লাভ কৰিলে পদাৰ্থ বিজ্ঞানৰ ন’বেল ৷ন’বেল কমিটিৰ বিচাৰকে এই কথা সদৰী কৰে। ন’বেল কমিটিয়ে কয় যে বিশ্বৰ ভিতৰত অন্যতম সৰ্বাধিক পৰিঘটনা কৃষ্ণ গহ্বৰৰ সম্পৰ্কত কৰা উদ্ভাৱনৰ কাৰণে পদাৰ্থ বিজ্ঞানীসকলক ন’বেল বটাঁ দিয়া হৈছে ।
মহান বিজ্ঞানী আইনষ্টাইনৰ মৃত্যুৰ ১০ বছৰৰ পাছত বহু দশকৰ সংশয় মোচন কাৰী ৮৯ বছৰ বয়সী পেনৰ’জক এইবাৰ পদাৰ্থবিজ্ঞানত ন’বেল পুৰস্কাৰেৰে সন্মানিত কৰিলে ছুইদিছ একাডেমীয়ে ৷পেনৰ’জ দেখুৱাইছিল যে আপেক্ষিকতাবাদৰ তত্ত্বই কৃষ্ণগহ্বৰৰ গঠনৰ দুৱাৰ মুকলি কৰে ।
পুৰস্কাৰৰ মূল্যৰ বাকী অৰ্ধেক ভাগ কৰি দিয়া হৈছে ৬৮ বছৰীয়া গেনজেল আৰু ৫৫ বছৰীয়া ঘেজক। দুয়োকে যৌথভাৱে এই সন্মান দিয়া হৈছে ৷তেওঁলোকে আৱিস্কাৰ কৰিছিল যে এক অদৃশ্যমান অতিশয় গধুৰ বস্তুৱে আমাৰ হাতীপটিৰ কেন্দ্ৰত থকা তৰাবোৰৰ কক্ষপথ পৰিচালনা কৰে। “তেওঁলোকেই পূৰ্বাভাস দিছিল যে আমাৰ হাতীপটিৰ দৰে এই ব্ৰহ্মাণ্ডৰ কোটি কোটি গেলেক্সীৰ প্ৰতিটোৰে কেন্দ্ৰত আছে এটাকৈ দৈত্যকায় কৃষ্ণ গহ্বৰ ।
আন্দ্ৰিয়া ঘেজ হৈছে ১৯০১ ৰ পৰা পদাৰ্থ বিজ্ঞানত ন’বেল বিজয়ী চতুৰ্থগৰাকী মহলা ।বটাঁ ঘোষণাৰ পাছত এক সংবাদমেলত ঘেজে কয়”মই আশা কৰোঁ মই এই ক্ষেত্ৰখনলৈ আন তৰুণীসকলক উদ্বুদ্ধ কৰিব পাৰিম ৷
আনহাতে ১৯৯০ ৰ পৰা গৱেষণা কৰে গেনজেল আৰু ঘেজে। বিশ্বৰ বৃহত্তম দূৰবীণ ব্যৱহাৰ কৰি তেওঁলোকে কৰিছিল উদ্ভাৱন ৷