আপোনাৰ চুলি সৰাৰ সমস্যা হৈছে নেকি ?

WhatsApp Image 2020 10 07 at 9.18.53 PM

দুৰ্গা পূজা সমাগত । পূজাৰ প্ৰাকক্ষণত সকলোৱে নিজকে ধুনীয়া দেখাবলৈ বিউটি পাৰ্লাৰ আদিলৈ যোৱা দেখা যায় । পিছে ছাল- চুলিৰ সমস্যা কেতিয়াবা বিভিন্ন ট্ৰিটমেন্ট কৰিলেও ৰেহাই পোৱা নাযায় । আমাৰ শৰীৰৰ ভিতৰৰ বিভিন্ন সমস্যা থাকিলে চুলি সৰাৰ সমস্যাৰ সৃষ্টি হয় । থায়ৰ’ড হৰম’নৰ তাৰতম্য,শৰীৰত আয়ৰণৰ অভাৱ হ’লেও চুলি সৰাৰ সমস্যা হয় । মানসিক দুশ্চিন্তা হ’লেও চুলি সৰাৰ সমস্যা হয় । মানসিক ৰোগৰ বশৱৰ্তী হৈয়ো বহুলোকে নিজৰ চুলি নিজেই টানি চিঙে । তেনে কৰাৰ ফলতো চুলি সৰাৰ সমস্যা হয় । চিকিৎসকৰ ভাষাত যাক কোৱা হয় ‘ ট্ৰাইকোটিলোম‍্যানিয়া ‘ ।

এই ধৰণৰ সমস্যা থাকিলে ‘কাউন্সেলিং’ কৰাৰ প্ৰয়োজন । বিভিন্ন ধৰণৰ সৌন্দৰ্য চৰ্চাৰ সামগ্ৰী ঘঁহাৰ ফলতো চুলি সৰাৰ সমস্যা হয় । প্ৰতিদিনে এজন মানুহৰ ১০০ ডাল পৰ্যন্ত চুলি সৰে । তাতকৈ বেছি চুলি পৰিলে চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত । ‘psoriasis’ নামৰ এবিধ ৰোগৰ ফলতো চুলি সৰাৰ সমস্যা হয় । এই ৰোগ হ’লে মূৰৰ ছালখন শুকান হৈ পৰে । উফিৰ সমস্যাৰ লগতে চুলি সৰাৰ সমস্যাও হয় । এনিমিয়া হ’লে , ভিটামিনৰ অভাৱ হ’লেও চুলি সৰাৰ সমস্যা হয় ।

চিকিৎসকে চুলি সৰাৰ পৰা হাত সাৰিবলৈ কিছুমান পৰামৰ্শ আগবঢ়াইছে-

Exit mobile version