ড’নাল্ড ট্ৰাম্পৰ প্ৰতি ক্ষোভ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰাৰ্থী জ’ বাইডেনৰ

WhatsApp Image 2020 10 07 at 6.41.35 PM

কৰ’না ভাইৰাছত আক্ৰান্ত হৈ ড’নাল্ড ট্ৰাম্প চিকিৎসালয়ত কেৱল তিনিদিনৰ কাৰণেহে চিকিৎসাধীন হৈ আছিল । ইয়াৰ পাছত কৰ’নাত সুস্থ নোহোৱাকৈয়ে হোৱাইট হাউচলৈ উভতিল ড’নাল্ড ট্ৰাম্প । এনে সময়তে আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ১৫ অক্টোবৰত পৰা হ’ব লগা ৰাষ্ট্ৰপতি আলোচনাত জ’ বাইডেনে ৰাখিছে কিছুমান নতুন চৰ্ত ৷ বাইডেনৰ চৰ্ত অনুসৰি তেওঁ আলোচনাত তেতিয়াহে ভাগ ল’ব যেতিয়া ট্ৰাম্প কৰ’নাৰ পৰা মুক্ত হোৱা বুলি প্ৰমাণিত হ’ব ৷

আনহাতে ট্ৰাম্পৰ এজন উপদেষ্টা কৰ’না ভাইৰাছত ইতিমধ্যে আক্ৰান্ত হৈছে ৷ ১৫ অক্টোবৰত মিয়ামীত দ্বিতীয়বাৰৰ কাৰণে ৰাষ্ট্ৰপতি আলোচনা অনুষ্ঠিত হ’ব । ইফালে ৰাষ্ট্ৰপতি নিৰ্বাচনৰ অন্যতম প্ৰাৰ্থী জ’ বাইডেনেও কৰ’না টেষ্ট কৰাইছিল যদিও তেওঁৰ নিগেটিভ আহে ।

মংগলবাৰে নিশা সংবাদ মাধ্যমৰ লগত মত বিনিময় কৰি কয় “মই আশা কৰিছো ৰাষ্ট্ৰপতি অনতিপলমে সুস্থ হ’ব  ৷ মোৰ মতে যদি ৰাষ্ট্ৰপতি কৰ’নাত এতিয়াও সংক্ৰমিত হৈ আছে তেন্তে তেওঁ আলোচনাত ভাগ ল’ব নালাগে । মই এই বিষয়ে চিকিৎসকৰ লগত কথা পাতিম৷ সম্প্ৰতি ক’ভিড-১৯ নীতি নিৰ্দেশনা জাৰি কৰিব লাগে ৷ সাধাৰণ লক্ষণসমূহ দেখা দিলে ১০ দিনলৈকে নিৰীক্ষণত ৰাখিব লাগে ।”

উল্লেখযোগ্য যে যোৱা সপ্তাহৰ অন্তিম ভাগত ক’ভিড-১৯ত সংক্ৰমিত হোৱা আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে আৰোগ্য লাভৰ পূৰ্বে হোৱাইট হাউচলৈ উভতি যায় ৷ যোৱা শুকুৰবাৰে ট্ৰাম্পক ক’ভিড সংক্ৰমণৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল । চাৰিদিন চিকিৎসালয়ত থকাৰ পাছত ট্ৰাম্প হোৱাইট হাউচলৈ উভতি আহে আৰু চৰকাৰী বাসগৃহত প্ৰবেশৰ পাছতে মাস্ক খুলি ট্ৰাম্পে কয় যে ক’ভিড-১৯ক ভয় কৰাৰ কোনো কাৰণ নাই ।

স্মৰ্তব্য যে এদিন পূৰ্বে ট্ৰাম্পে হঠাতে চিকিৎসালয়ৰ পৰা এখন গাড়ীত উঠি অনুৰাগীক অভিবাদন জনাই চমক দিছিল । এই ঘটনাৰ পাছতে মাৰ্কিন ৰাষ্ট্ৰপতিয়ে বাসগৃহলৈ উভতি আহি কয় “কৰ’নাক লৈ ভয় নাখাব” সম্পূৰ্ণ সুস্থ হোৱাৰ পূৰ্বেই ট্ৰাম্পে এইদৰে হোৱাইট হাউচলৈ উভতি অহা আৰু মাস্ক পৰিধান নকৰা কাৰ্যত বিৰোধী ডেম’ক্ৰেটিক দলে কঠোৰভাৱে সমালোচনা কৰিছে ৷ ক’ভিড সংক্ৰমণক লৈ মাৰ্কিন ৰাষ্ট্ৰপতিয়ে হেতালি খেলিছে বুলিও ডেম’ক্ৰেটসকলে মন্তব্য কৰিছে ৷

Exit mobile version