ভাৰতত কৰ’নাত আক্ৰান্তৰ সংখ্যাই পাৰ কৰিলে ৬৭.৫৭ লাখৰ সীমা

corona 1601266358

ভাৰতত নতুনকৈ ৭২,০৪৯ জন লোক কৰ’নাত আক্রান্ত হোৱাৰ পাছত মুঠ আক্ৰান্তৰ সংখ্যাই ৬৬.৫৭ লাখৰ সীমা অতিক্ৰম কৰে । ৫৭,৪৪,৬৩৯ জন ৰোগী সুস্থ হৈ উঠাৰ পাছত সুস্থতাৰ হাৰ হয়গৈ ৮৫.০২ শতাংশ। আনহাতে, বিগত ২৪ ঘণ্টাত ৯৮৬ জন ৰোগীৰ মৃত্যু হোৱাৰ পাছত মৃতকৰ সংখ্যা হ’লগৈ ১,০৪,৫৫৫ জন । ক’ভিড-১৯ ত মৃত্যুৰ হাৰ হ্রাস পাইছে ১.৫৫ শতাংশলৈ ।

চাওঁ আহক কৰ’না ভাইৰাছৰ কিছু শেহতীয়া তথ্য-
ত্ৰিপুৰাত কৰ’নাত নতুনকৈ ২৩৭ জন লোক নতুনকৈ আক্ৰান্ত হোৱাৰ পিছত মুঠ আক্ৰান্তৰ সংখ্যা হয়গৈ ২৭,৫৪৫ জন । আনহাতে, বিগত ২৪ ঘণ্টাত ২৯৮ জন লোকৰ মৃত্যু হৈছে । সম্প্ৰতি ত্ৰিপুৰাত ৪,৬২৪ জন লোক চিকিৎসাধীন অৱস্থাত আছে আৰু ২২,৬০০ জন লোক সুস্থ হৈ উঠিছে ।
◆ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি দেশত সুস্থতাৰ সংখ্যা হৈছেগৈ ৮৫ শতাংশতকৈ অধিক ।
◆ মহাৰাষ্ট্ৰত দেশৰ ভিতৰতে সকলোতকৈ বেছি লোক আক্ৰান্ত হৈছে ।

Exit mobile version