লণ্ডনত গোপন আইনী প্ৰক্ৰিয়াৰ পাছত হ’ব মালিয়াৰ প্ৰত্যৰ্পণঃজনালে কেন্দ্ৰীয় চৰকাৰে

vijay mallya final 1591195449

পলাতক ভাৰতীয় বিত্তীয় প্ৰৱঞ্চক তথা সুৰা ব্যৱসায়ী বিজয় মালিয়াৰ ভাৰতলৈ প্ৰত্যৰ্পণৰ পথ মুকলি হ’ল। ব্ৰিটেইনত মালিয়াৰ সন্মুখত থকা সকলো আইনী বিকল্প পথ শেষ হোৱাৰ ফলত অচিৰে ভাৰতীয় মূলৰ বিত্তীয় প্ৰৱঞ্চকজন স্বদেশলৈ ওভতাই অনাৰ আইনী প্ৰক্ৰিয়াৰ সম্ভাৱনা আছে।

কেন্দ্ৰীয় চৰকাৰে এই কথা প্ৰকাশ কৰি জনোৱা মতে ব্ৰিটেইনত কিছু গোপনীয় প্ৰক্ৰিয়া সমাপন কৰাৰ পাছতে মালিয়াক ভাৰতলৈ প্ৰত্যৰ্পণ সম্ভৱ হ’ব। অৱশ্যে মালিয়াৰ অধিবক্তাই প্ৰকাশ কৰা মতে ব্ৰিটেইনত কি গোপন প্ৰক্ৰিয়া সমাপন কৰা হ’ব সেই সন্দৰ্ভত তেওঁ জ্ঞাত নহয়।

উচ্চতম ন্যায়ালয়ত অহা দুই নবেম্বৰত মালিয়াৰ বিৰুদ্ধে উত্থাপিত গোচৰৰ পৰৱৰ্তী শুনানিৰ দিন নিৰ্ধাৰণ কৰিলে ন্যায়াধীশ ইউ ইউ ললিত আৰু আশোক ভূষণৰ বিচাৰপীঠ। মালিয়াক সকলো সম্পত্তিৰ হিচাপ দাখিল কৰিবলৈকো সৰ্বোচ্চ ন্যায়ালয়ে ইতিমধ্যে কঠোৰ নিৰ্দেশ দিছে।

উচ্চতম ন্যায়ালয়ক কেন্দ্ৰীয় চৰকাৰে অৱগত কৰি কয় যে ব্ৰিটেইনত যাৱতীয় গোপন আইনী প্ৰক্ৰিয়া পালন কৰাৰ পাছত মালিয়াৰ প্ৰত্যৰ্পণৰ সম্ভাৱনা আছে। উল্লেখযোগ্য যে মালিয়াই ভাৰতীয় বেংকৰ পৰা কে’বা হাজাৰ কোটি টকাৰ ঋণ লৈ পৰিশোধ নকৰাকৈ ব্ৰিটেইনলৈ পলায়ন কৰি বিগত কে’বা বছৰ ধৰি লণ্ডনত আশ্ৰয় লৈ আহিছে ।

Exit mobile version