শ্বাহিনবাগৰ দৰে ৰাজহুৱা স্থানত প্ৰতিবাদ নিষিদ্ধ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ

WhatsApp Image 2020 10 07 at 2.54.10 PM

এতিয়াৰ পৰা প্ৰতিবাদী ৰাইজে ৰাজহুৱা স্থানত বিৰোধ কৰিব নোৱাৰিব । শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্ত অনুসৰি বিক্ষোভ নিৰ্ধাৰিত ঠাইতহে হোৱা উচিত ৷ উচ্চতম ন্যায়ালয়ে স্পষ্ট ৰূপত কয় যে, বিৰোধ কাৰ্যসূচীৰ বাবে শ্বাহিনবাগৰ দৰে কৰা ৰাজহুৱা স্থান অধিকাৰ কৰা সমীচিন নহয়। নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে শ্বাহিনবাগত হোৱা বিৰোধ কাৰ্যসূচীৰ পৰিপ্ৰেক্ষিতত উচ্চতম ন্যয়ালয়ে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত লয়।

আদালতে লগতে কয় যে, বিৰোধ কাৰ্যসূচীৰ বাবে শ্বাহিন বাগৰ দৰে সাৰ্বজনীক স্থানত ভৱিষ্যতলৈ দখল কৰিব পৰা নাযাব । আনহাতে আদালতৰ মতে নাগৰিকত্ব সংশোধন আইনৰ বিৰুদ্ধে হোৱা শ্বাহীন বাগ আন্দোলনত আন্দোলনকাৰীক আঁতৰাবৰ বাবে দিল্লী আৰক্ষীয়ে গুৰুত্ব প্ৰদান কৰিব লাগিছিল ৷

উল্লেখযোগ্য যে, বিগত বছৰৰ ডিচেম্বৰ মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰে সংসদত এই আইনখন গৃহীত কৰিছিল। ইয়াৰ পাছতে নাগৰিকত্ব প্ৰদান কৰা এই আইনখনৰ বিৰুদ্ধে দেশজুৰি বিক্ষোভ হৈছিল । শ্বাহিনবাগৰ আন্দোলনৰ ফলত মূলপথ বন্ধ আছিল ৷ শ্বাহিনবাগৰ আন্দোলনে ঠাই পাইছিল আন্তৰাষ্ট্ৰীয় মাধ্যমত  ৷ যাৰ কাৰণে ৮২ বছৰীয়া বিলকিছ আইতাই টাইম আলোচনীত স্থান লাভ কৰিবলৈ সক্ষম হৈছিল ।

Exit mobile version