H-1B ভিছাত আমেৰিকাৰ নতুন নিয়ম জাৰি

WhatsApp Image 2020 10 07 at 2.07.12 PM

আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ প্ৰশাসনে প্ৰযুক্তি কোম্পানীবোৰে ব্যৱহাৰ কৰা ইমিগ্ৰেচন ভিছাৰ ওপৰত নতুন নিয়ম জাৰি কৰে । ট্ৰাম্প প্ৰশাসনে দাবী কৰা অনুসৰি এই নিয়ম আমেৰিকাৰ বাবে ভাল হ’ব। গৃহাধিকাৰ সুৰক্ষা বিভাগে দক্ষ কৰ্মীসকলৰ বাবে জাৰী কৰিব লাগিব এইছ-১বি ভিছাৰ বাবে নতুন নিয়ম ঘোষণা কৰে । প্ৰতি বছৰে ৮৫,০০০ প্ৰব্ৰজনকাৰীক এই ভিছা প্ৰদান কৰা হয় । আমি এনে এটা সময়ত উপস্থিত হৈছো য’ত হোমলেণ্ড চিকিউৰিটিয়ে বিশেষ প্ৰাধান্য লাভ কৰিছে ।

সহজ ভাষাত ক’বলৈ গ’লে আৰ্থিক সুৰক্ষা সম্প্ৰতি হোমলেণ্ড চিকিউৰিটি । এই আইনৰ অধীনত যাতে আমেৰিকাৰ কৰ্মীসকলে অধিক গুৰুত্ব লাভ কৰে সেয়া সুনিশ্চিত হ’ব লাগিব । আনহাতে আমেৰিকাৰ এই সিদ্ধান্তত বিশেষকৈ লোকচানৰ সন্মুখীন হ’ব ভাৰতৰ আই টি ক্ষেত্ৰৰ জড়িত লোকসকল ৷ইতিমধ্যে তেওঁলোকৰ বেতনৰ সংখ্যা হ্ৰাস পাইছে  ৷

Exit mobile version