গৰুৰ চোৰাং ছিণ্ডিকেটঃধুবুৰী আৰক্ষীক মেনেজ কৰিব গৈ গ্ৰেপ্তাৰ কুখ্যাত গো মাফিয়া

WhatsApp Image 2020 10 08 at 9.31.39 PM

বিগত বছৰৰ পৰা একাংশ আৰক্ষীক মেনেজ কৰি আন্তঃৰাষ্ট্ৰীয় গৰুৰ চোৰাং ছিণ্ডিকেট চক্ৰই ধুবুৰী আৰু দক্ষিণ শালমাৰা ভাৰত বাংলা সীমান্তইদি চলাই আহিছে গৰুৰ বিশাল চোৰাং ব্যৱসায় ।বিগত দিনৰ পৰা ধুবুৰীৰ ভাৰত বাংলা সীমান্তৰে গৰুৰ চোৰাং কাৰবাৰ কিছু হ্ৰাস পোৱা পৰিলক্ষিত হৈছে যদিও দক্ষিণ শালমাৰা ভাৰত বাংলা সীমান্তৰে গৰুৰ চোৰাং কাৰবাৰ অব্যাহত আছে।

ইপিনে এনে সময়তে পুনৰ গো-মাফিয়া চক্ৰৰ সৈতে জড়িত তিনি গৰাকীকৈ লোক ধুবুৰী আৰক্ষীৰ জালত পৰাৰ এক চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে৷ জানিব পৰা মতে ধুবুৰী আৰক্ষীক মেনেজ কৰিবলৈ গৈ ধুবুৰী আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সন্মুখত ঘূৰি ফুৰি থকা অৱস্থাত গ্ৰেপ্তাৰ হয় কুখ্যাত গো মাফিয়া চণ্ডীৰ ভাতৃ মিৰাজ আহমেদ।

তাৰ পিছতেই ধুবুৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে বিভিন্ন স্থানত অভিযান চলাই মফিজুল হক, আব্দুল কাদেৰ জিলানী ওৰফে ৰেহমান নামৰ আন দুজনক। আনহাতে এদিন পূৰ্বে গো মাফিয়া আদম আলীৰ ভাতৃ ছাদ্দাম আলীকো গ্ৰেপ্তাৰ কৰিছিল ধুবুৰী আৰক্ষীয়ে। ধুবুৰী আৰক্ষীৰ এক টুইট অনুসৰি “দেশ বিৰোধী এক আন্তঃৰাষ্ট্ৰীয় মাফিয়া চক্ৰকে ধৰি হাৱালা চক্ৰৰ সৈতে জড়িত আছে ধৃত চাৰিওগৰাকী৷

ধৃত মিৰাজ আহমেদ গৰুৰ চোৰাং ছিণ্ডিকেটৰ মাষ্টাৰ মাইণ্ড পাণ্ডা জনৈক চণ্ডীৰ ভাতৃ আৰু আনহাতে আন এগৰাকী কুখ্যাত গো-মাফিয়া আদম আলীৰ ভাতৃ হ’ল ছাদ্দাম আলী৷ আৰক্ষীয়ে ব্যক্তিকেইজনৰ পৰা অধিক তথ্য উদ্ধাৰৰ বাবে জেৰা অব্যাহত ৰাখিছে।

ইপিনে ধুবুৰী জিলা আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই সদৰি কৰা মতে, তেনে আন্তঃৰাষ্ট্ৰীয় চোৰাং ব্যৱসায়ত জড়িত হৈ থকা চোৰাং ব্যৱসায়ীয়ে আন্তঃৰাষ্ট্ৰীয় বিভিন্ন অপৰাধজনিত ব্যৱসায় তথা দেশ বিৰোধী চক্ৰৰ সৈতে জড়িত হৈ থাকে। ধুবুৰী আৰক্ষীৰ অভিযান অব্যাহত আছে যদিও পৰৱৰ্তী সময়ত আৰু কোন কোন ধুবুৰী আৰক্ষীৰ জালত পৰে সেয়াই লক্ষণীয় বিষয় হৈ পৰিব ৷

Exit mobile version