প্ৰত্যেক বছৰে দেশত বৃদ্ধি পাইছে ধনাঢ্য লোকৰ সংখ্যা

WhatsApp Image 2020 10 08 at 5.52.36 PM

দেশৰ আটাইতকৈ ধনী কোন ?এই প্ৰশ্নৰ উত্তৰ আমি সকলোৱে জানো ৷ বিগত ১৩ বছৰৰ পৰা মুকেশ অম্বানী দেশৰ ধনী ব্যক্তি হিচাপে পৰিগণিত হৈ আহিছে ৷ কিন্তু কৰ’না মহামাৰীয়ে বিশ্বৰ অৰ্থনীতি ধৰাশায়ী কৰিলেও দেশৰ একাংশ ধনাঢ্য লোকক ধনী হোৱাৰ তালিকাৰ পৰা আঁতৰাব পৰা নাই । কাৰণ বিগত বছৰিতকৈ চলিত বছৰত অত্যাধিক ধনী হৈছে মুকেশ আম্বানী ।

এবছৰৰ ভিতৰতে মুকেশ আম্বানীৰ সম্পত্তিৰ পৰিমাণ হয়গৈ ৩৭.৩ বিলিয়ন ডলাৰ ৷ বিশ্বৰ জনপ্ৰিয় ফৰ্বছ আলোচনীৰ মতে দেশৰ ধনী লোকসকলৰ তালিকাত স্থান পাইছে ভাৰতত একাংশ ধনাঢ্য ব্যক্তিৰ লগতে কিছুমান নতুন মুখ ৷ ইয়াৰ ভিতৰতঃ

মুকেশ আম্বানীঃ ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰীৰ অধ্যক্ষ মুকেশ আম্বানী চলিত বৰ্ষত সম্পত্তিৰ তালিকা হয়গৈ ৩৭.৩ বিলিয়ন ড’লাৰ ৷

দেশৰ দ্বিতীয় ধনী লোকসকলৰ তালিকাত আছে অডানী গ্ৰুপৰ প্ৰতিস্থাপক তথা অধ্যক্ষ গৌতম অডানী ৷ গৌতম অডানীৰ সম্পত্তিৰ তালিকা ২৫.২ বিলিয়ন ডলাৰ । এই তালিকাত তৃতীয় স্থানত আছে শিৱ নাডাৰৰ নাম । ক’ভিড-১৯ ভেকচিন তৈয়াৰ কৰা চিৰাম ইনষ্টিটিউট অফ ইণ্ডিয়াৰ চি ই অ’ পুনাৱালাৰ বাৰ্ষিক সম্পত্তিৰ পৰিমাণ ১১.৫ বিলিয়ন ডলাৰ ।

ইয়াৰ লগে লগে তালিকাত ষষ্ঠ স্থান লাভ কৰিছে পুনাৱালাই । ফৰ্বছৰ অনুসৰি দেশত ১০০ জন ধনী ব্যক্তিৰ সম্পত্তি ২০১৯ৰ তুলনাত চলিত বৰ্ষত ১৪ শতাংশ বৃদ্ধি হৈছে । দেশত চলিত বৰ্ষত ৫০ জন উদ্যোগপতিৰ সম্পত্তিৰ পৰিমাণ বৃদ্ধি হৈছে । আনহাতে ৫০ জন উদ্যোগপতিৰ সম্পত্তিৰ পৰিমাণ হ্ৰাস পাইছে  ৷ ইপিনে দেশৰ ৯ জন উদ্যোগপতিৰ নাম এই তালিকাত অন্তৰ্ভূক্ত হৈছে ।

Exit mobile version