ভাৰতত কৰ’না আক্ৰান্তই অতিক্ৰম কৰিলে ৬৮ লাখৰ সীমা

Coronavirus

বিগত ২৪ ঘণ্টাত ভাৰতত ৭৪,৫২৪ টা নতুনকৈ আক্ৰান্ত হোৱাৰ ঘটনাৰ লগতে ৯৭১ জন লোকৰ মৃত্যুৰ তথ্য পোহৰলৈ আহিছে । চৰকাৰী তথ্যৰ মতে, ভাৰতত ৬৮,৩৫,৬৫৫ জন লোক আক্ৰান্ত হৈছে । ইয়াৰ ভিতৰত ৯,০২,৪২৭ জন লোক সম্প্ৰতি চিকিৎসাধীন অৱস্থাত আছে, ৫৮,২৭,৭০৪ জন লোক সুস্থ হৈ উঠিছে আৰু ১,০৫,৫২৬ জন লোকৰ মৃত্যু হৈছে। ভাৰতত সুস্থতাৰ হাৰ ৮৫.৩ শতাংশলৈ বৃদ্ধি পাইছে। আনহাতে বিগত২৪ ঘণ্টাত ১২ লাখ টেষ্ট সম্পন্ন হৈছে।

চাওঁ আহক কৰ’না ভাইৰাছৰ কিছু শেহতীয়া তথ্য-

◆ ভাৰতত সুস্থতাৰ হাৰ বৃদ্ধি হোৱাত কেন্দ্ৰ নেতৃত্বাধীন ক’ভিড-১৯ কনটেইনমেণ্ট কৌশলৰ সাফল্য প্ৰমাণ কৰিছে ।
◆ ভাৰতত বর্তমানলৈকে প্রায় ৮ কোটি ক’ভিড টেষ্ট সম্পন্ন কৰা হৈছে।
◆ দেশৰ মুঠ নতুনকৈ ক’ভিড সংক্ৰমণৰ ঘটনাৰ ১৮ শতাংশ মহাৰাষ্ট্ৰৰ । আনহাতে, কৰ্ণাটকত প্ৰায় ১১ হেজাৰ, কেৰেলাত ১০ হেজাৰ, অন্ধ্ৰ প্ৰদেশ আৰু তামিলনাডুত ৫ হেজাৰ লোক নতুনকৈ আক্ৰান্ত হৈছে।
◆ বিগত ২৪ ঘণ্টাত মহাৰাষ্ট্ৰত আটাইতকৈ বেছি লোকৰ মৃত্যু হৈছে।
◆ IRCTC য়ে কয় যে, প্ৰাইভেট তেজাস এক্সপ্ৰেছ ট্ৰেইনৰ পুনৰ আৰম্ভ কৰিব ১৭ অক্টোবৰৰ পৰা । যাত্ৰীসকলক ক’ভিড১৯ ৰ সুৰক্ষা কিট দিয়া হ’ব আৰু মাস্ক পৰিধান কৰাটো বাধ্যতামূলক।
◆ কেৰেলাৰ ৰাজধানী তিৰুবনন্তপুৰমত ৩১ অক্টোবৰ পর্যন্ত বিশাল গণ সমাৱেশ নিষিদ্ধ কৰিছে।
◆ আমেৰিকাৰ পাছতেই সৰ্ব্বোচ্চ লোক কৰ’নাত আক্ৰান্ত হৈছে ভাৰতত ।

Exit mobile version