ভোটৰ স’তে ঘৰে ঘৰে ১০ টকাকৈ চান্দা বিচাৰিলে বিহাৰৰ এইজন বিধায়কে

WhatsApp Image 2020 10 08 at 11.08.17 AM

বিহাৰ বিধানসভাৰ নিৰ্বাচনৰ দিন কাষ চাপি অহাৰ লগে লগে ৰাজনৈতিক নেতাসকলৰ সক্রিয়তা বৃদ্ধি পাইছে । প্রায় প্রতিটো ৰাজনৈতিক দলৰ নেতাই এতিয়া নিজ নিজ সমষ্টিত ব্যস্ত হৈছে । একাংশ নেতাই নির্বাচনৰ ব্যয় বহনৰ বাবে নতুন পদ্ধতিৰ অৱলম্বন কৰিও ভােটদাতাক চমক দিছে । এনে এজন নেতা হৈছে  ৰাজ্যখনৰ সীতামড়ীৰ ৰিগাৰ বিধায়ক অমিত কুমাৰ টুন্না । ২০১৫ৰ নিৰ্বাচনত অমিতে কংগ্ৰেছ দলৰ টিকটত প্রতিদ্বন্দ্বিতা কৰি বিজেপিৰ বিধায়ক মতিলালক পৰাজিত কৰিছিল ।

এইবাৰৰ নিৰ্বাচনত প্রতিদ্বন্দ্বিতা কৰা অমিতে সমষ্টিৰ প্ৰতিটো ঘৰলৈ গৈ ৰাইজৰ আশীর্বাদ বিচৰাৰ লগতে মনােনয়নৰ বাবে প্রতিটো পৰিয়ালৰ পৰা ১০ টকাকৈ বৰঙণি সংগ্রহ কৰিছে।  বিধায়কজনে সমষ্টিটোৰ সােনাখান গাঁৱত উপস্থিত হৈ গাঁওবাসীৰ পৰা আশীর্বাদ গ্রহণ কৰে আৰু ইয়াৰ পাছতে অমিতে তেওঁক আগন্তুক নির্বাচনত জয়ী কৰাবলৈ ৰাইজক আহ্বান জনােৱাৰ লগতে মনােনয়নপত্র দাখিলৰ বাবে ১০ টকাকৈ প্ৰতিটো পৰিয়ালৰ পৰা চান্দা বিচাৰে । ৰাইজৰ পৰা ভােটৰ লগতে নগদ ধনৰ বৰঙণি বিচৰা ঘটনাই বিহাৰৰ ৰাজনীতিত বিশেষ চর্চা লাভ কৰিছে।

Exit mobile version