মহাবাহুৰ বুকুৰে দুঃসাহসিক অভিযান অসমীয়া যুৱকৰ

WhatsApp Image 2020 10 08 at 12.43.51 PM

“প্ৰকৃতি সুৰক্ষা আৰু Sustainable Development” সম্পৰ্কে সচেতনতা সৃষ্টিৰ উদ্দেশ্যে তিনি অসমীয়া যুৱকে এখন বাঁহেৰে নিৰ্মাণ কৰা ভূঁৰে আৰম্ভ কৰা এই নৌকা যাত্ৰা আজি সামৰণি পৰে । মহাবহু ব্ৰহ্মপুত্ৰৰ বুকু ভেদি অদ্যম সাহসেৰে  বিশ্বখ্যাত নদীদ্বীপ মাজুলীৰপৰা আহি ক্ষুদ্ৰতম নদীদ্বীপ উমানন্দত আজি পুৱা উপস্থিত হয় দলটো ।

শেখৰ বৰদলৈ, ৰিচান দলসহ তিনিজনীয়া দলটোৱে এই দুঃসাহসিক অভিযান আঠটা দিনত অতিক্ৰম কৰিবলৈ সফল হয় । যোৱা ৩০ ছেপ্টেম্বৰত আৰম্ভ কৰা এই যাত্ৰা সাতটা দিন মহাবাহু ব্ৰহ্মপুত্ৰৰ মাজত অদম্য সাহস, ধৈৰ্য্য আৰু ইচ্ছাশক্তিৰ ফলত আজি দলটোৱে সুকলমে সমাপ্ত কৰে তেওঁলোকৰ নৌকা যাত্ৰা।

Exit mobile version