মানাহৰ ফাতেমাবাদ চাহ বাগিচাত চোৰাং চিকাৰী আটক

IMG 20201008 WA0009

মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৰ ফাতেমাবাদ চাহ বাগিচাত মানাহৰ বাঁহবাৰী ৰেঞ্জৰ বনকৰ্মীয়ে নিয়মীয়া তালাচীৰ সময়ত এটা চোৰাং চিকাৰীক হাতেলোটে আটক কৰিবলৈ সক্ষম হোৱাৰ বিপৰীতে আন এটা চোৰাং চিকাৰীয়ে বন বিভাগৰ চকুত ধূলি দি পলায়ন কৰিবলৈ সক্ষম হয়৷ধৃত চোৰাং চিকাৰীটো শালবাৰীৰ গোৱৰ্ধনা আৰক্ষী থানাৰ অন্তৰ্গত ৰাঘবিল গাঁৱৰ জয় মাচী কুন্দলনাৰ পুত্ৰ এটোৱা কুন্দলনা(৫২)বুলি চিনাক্ত কৰা হৈছে ৷

উল্লেখ্য যে মানাহৰ বাঁহবাৰী ৰেঞ্জৰ বনপালক চবিন নাথৰ নেতৃত্বত যোৱা বন বিভাগৰ দলটোৱে ফাতেমাবাদ চাহ বাগিচাৰ মাংৰা লাইনত মানাহৰ বন্য জীৱ-জন্তু নিধনৰ উদ্দেশ্যে ফান্দ পাতি থকাৰ সময়তে হাতেলোটে আটক কৰে এটোৱা কুন্দলনাক৷আনহাতে সুযোগ বুজি পলায়ন কৰে গোৱৰ্ধনা আৰক্ষী থানাৰ অন্তৰ্গত ফাতেমাবাদ চাহ বাগিচাৰ প্ৰয়াত জনাথন দাহাংগাৰ পুত্ৰ শুক্ৰাম দাহাংগা(৩৯)৷

বন বিভাগৰ দলটিয়ে আটকাধীন এটোৱা কুন্দলনাৰ লগতে তাৰ জিম্মাৰ পৰা বন্য জীৱ নিধন কৰা ফান্দ,দা,কৰত,দুখনকৈ চাইকেল আৰু চিকাৰত ব্যৱহাৰ কৰা অন্য কিছু সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হয়৷ ইতিমধ্যে ধৃত এটোৱা কুন্দলনাক আদালতত হাজিৰ কৰোৱাই জেল হাজোতলৈ প্ৰেৰণ কৰাৰ বিপৰীতে পলাতক শুক্ৰাম দাহাংগাৰ সন্ধানত বনবিভাগে অভিযান অব্যাহত ৰাখিছে৷

Exit mobile version