সাংসদ আজমলৰ সভাত আৰবী ভাষাৰ বেনাৰক লৈ ব্যাপক প্রতিক্রিয়া

IMG 20201008 WA0008

প্রকল্পটো উদ্ধোধন অনুষ্ঠানত অসমীয়াৰ বিপৰীতে সভাৰ মূল বেনাৰখন আৰবী ভাষাত লিখাক লৈ গোৱালপাৰাৰ ককাৰবলাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। বহিঃৰাষ্ট্ৰৰ স্বেচ্ছাসেৱী সংস্থা এটিৰ সহায়ত আজমল ফাউণ্ডেচনে গোৱালপাৰা চহৰৰ ককাৰবলাস্থিত মাৰ্কাজুল মাৰিফত চলিত বৰ্ষৰ ছয় অক্টোবৰত এটা বিশুদ্ধ খোৱাপানী যোগানৰ প্ৰকল্পৰ শুভাৰম্ভ কৰে ।

এই অনুষ্ঠানত ধুবুৰীৰ সাংসদ তথা এ আই ইউ ডি এফৰ সভাপতি বদৰুদ্দিন আজমল উপস্থিত থাকি প্রকল্পটো উদ্ধোধন কৰে । উক্ত সভাত একাংশ মহিলাক “কুৱেইট” ৰাষ্ট্ৰৰ নাম লিখা ভালেসংখ্যক কলহ আজমলে বিতৰণ কৰে ৷ এইদৰে অসমীয়া ভাষাক এলাগী কৰি বিদেশী ৰাষ্ট্ৰৰ ভাষা আৰু সামগ্ৰী বিতৰণ কৰাক লৈ একাংশ দল সংগঠনে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।

ইয়াৰে বিজেপিৰ গোৱালপাৰা জিলা যুৱ মৰ্চাৰ সভাপতি ধনজিৱ ৰাভাই কয় যে, এইয়া অসমৰ কাৰণে দুৰ্ভাগ্যজনক ৷ অসমক দ্বিখণ্ডিত কৰি ৰাজনীতি কৰিব বিচৰা আজমলৰ এয়া পূৰ্ব পৰিকল্পনা আছিল বুলি তেওঁ মন্তব্য কৰে ৷ ইফালে জেষ্ঠ্য নাগৰিক বীৰেন্দ্ৰ ওজাই কয় যে, আমি অসম আন্দোলনৰ লগত জড়িত লোক ৷

কিন্তু অসমত আজমলে অসমীয়া ভাষাক এলাগী কৰি আৰবী ভাষাৰ বেনাৰৰে সভা পতাটো কোনো পধ্যেই সহ্য কৰা ন’হব ৷ অসমত কেৱল অসমীয়া ভাষাৰ ব্যৱহাৰ হ’ব লাগিব৷”ইফালে সমাজকৰ্মী ননী দাসে কয় যে, আজমলৰ সভাত কিদৰে বিদেশী ৰাষ্ট্ৰ “কুৱেইট” ৰ কলহ বিতৰন কৰিব পাৰিলে ৷ প্ৰশাসনে এইবোৰ দিশত গুৰুত্ব দিয়া উচিত।”

Exit mobile version