উত্তৰ প্ৰদেশৰ হাথৰছৰ দলবদ্ধ ধৰ্ষণ হত্যাকাণ্ডৰ পীড়িতা যুৱতীৰ পৰিচয় ছ’চিয়েল মিডিয়াত ৰাজহুৱা কৰাক লৈ বলিউডৰ অভিনেত্ৰী স্বৰা ভাস্কৰলৈ জাননী প্ৰেৰণ কৰিলে ৰাষ্ট্ৰীয় মহিলা আয়োগে ৷ উল্লেখযোগ্য যে অভিনেত্ৰীগৰাকীয়ে অলপতে এই ঘটনাৰ সন্দৰ্ভত টুইট কৰোতে পীড়িতাৰ পৰিচয় সদৰী কৰিছিল । এনে কাৰ্যত অভিনেত্ৰীগৰাকী কিয় লিপ্ত হৈছিল বুলি প্ৰশ্ন কৰাৰ লগতে মহিলা আয়োগে ভৱিষ্যতে এই ধৰণৰ প’ষ্ট পুনৰ শ্বেয়াৰ কৰাৰ পৰা বিৰত থাকিবলৈকো স্বৰাক সকিয়াই দিছে ৷
উল্লেখযোগ্য যে যোৱা ১৪ ছেপ্টেম্বৰত হাথৰছত এগৰাকী যুৱতীক চাকিজন যুৱকে খেতিপথাৰৰ পৰা অপহৰণ কৰি নি দলবদ্ধ ধৰ্ষণ কৰাৰ লগতে পীড়িতাৰ শাৰীৰিকভাৱে পৈশাচিক নিৰ্যাতন চলাইছিল আৰু ইয়াৰ পৰিণতিত ১৫ দিন পাছত পীড়িতাৰ মৃত্যু হৈছিল ৷ এই ঘটনাক লৈ সম্প্ৰতি সমগ্ৰ দেশতে ব্যাপক প্ৰতিক্ৰিয়া অব্যাহত আছে ৷






























