এ টি এমত লেনদেন ব্যৰ্থ হৈ ধন নােলালেও চিন্তা নকৰিব, বেংকে ওভতাব আপােনাৰ ধন

WhatsApp Image 2020 10 09 at 12.06.53 PM

এ টি এমৰ বিজুতি বা আন কাৰণত লেনদেন কৰাৰ সময়ত ‘ট্রেনজেকচন ফেইল’ অর্থাৎ লেনদেন ব্যর্থ হলে সকলােৱে মানসিকভাৱে উদ্বিগ্ন হয় । বিশেষকৈ যদিহে এইদৰে এ টি এম কার্ডৰে লেনদেন কৰাৰ সময়ত এ টি এমৰ পৰা ধন নােলায় আৰু আপােনাৰ একাউণ্টৰ পৰা উক্ত পৰিমাণৰ ধন কর্তন হয়, তেতিয়া বেংকৰ গ্রাহক চিন্তিত হােৱাটো স্বাভাৱিক।

এই সমস্যাৰ পৰা সকাহ দিবলৈ ৰিজাৰ্ভ বেংক অব ইণ্ডিয়াই বিশেষ ব্যৱস্থা গ্ৰহণ কৰিলে। ৰিজাৰ্ভ বেংকে টুইট কৰি প্ৰকাশ কৰা মতে, কোনাে কাৰণত এ টি এমত লেনদেনৰ সময়ত সেই লেনদেন ব্যর্থ হলে আৰু একাউণ্টৰ পৰা ধন কর্তন হলে বেংকৰ গ্ৰাহকে চিন্তা কৰিব নালাগে, কিয়নাে উক্ত ধনৰাশি নির্দিষ্ট সময়ৰ ভিতৰত সংশ্লিষ্ট বেংকে গ্রাহকৰ একাউণ্টত ওভতাই দিব । অন্যথা বেংকে গ্রাহকক ক্ষতিপূৰণ দিব লাগিব বুলিও ৰিজাৰ্ভ বেংকে টুইটত স্পষ্টকৈ উল্লেখ কৰিছে।

স্মর্তব্য যে ভাৰতীয় ৰিজাৰ্ভ বেংকে সময়ে সময়ে বেংক উপভােক্তাসকলক সজাগ কৰাৰ বাবে বিভিন্ন তথ্যপাতি প্ৰচাৰ কৰি আহিছে। ৰিজাৰ্ভ বেংকে নিজৰ ৱেবছাইটতা এ টি এমৰ সন্দৰ্ভত বিভিন্ন প্রশ্নৰ উত্তৰ আগবঢ়াইছে। ৰিজার্ভ বেংকে প্রকাশ কৰা মতে, এ টি এমৰ লেনদেন ব্যর্থ হলে কর্তন কৰা ধনৰাশি গ্রাহকক বেংকে ওভতাই দিয়াটো বাধ্যতামূলক।

অৱশ্যে এনে ক্ষেত্ৰত ভুক্তভােগী গ্রাহকে লগে লগে লেনদেনৰ তথ্য নিজৰ বেংকৰ শাখাক অৱগত কৰােৱা উচিত বুলিও ৰিজাৰ্ভ বেংকে পৰামর্শ দিছে। ব্যর্থ লেনদেনৰ ক্ষেত্ৰত বেংকে পাঁচদিনৰ ভিতৰত কৰ্তন কৰা ধনৰাশি গ্রাহকৰ একাউণ্টত জমা দিব লাগে । যদিহে কোনাে বেংকে এই ক্ষেত্ৰত বিলম্ব কৰে তেন্তে তেওঁ গ্রাহকক দৈনিক এশ টকাকৈ ক্ষতিপূৰণ আদায় দিব লাগিব।

Exit mobile version