ক’ভিড-১৯ ভেকচিনৰ কেইটামান শেহতীয়া তথ্য

coronavaccine1.v1

সম্প্ৰতি ক’ভিড-১৯ মহামাৰীৰ ৰোষত পৰা সমগ্ৰ বিশ্ববাসীয়ে এতিয়া কৰ’না ভেকচিনৰ অপেক্ষাত ৰৈ আছে । দেশৰ কৰ’না ভেকচিনৰ উৎপাদনকাৰীসকলে ক্লিনিকেল ট্ৰায়েলৰ মাত্ৰা অব্যাহত ৰাখিছে । ভেকচিনৰ ট্ৰায়েলৰ উপৰিও ভেকচিনৰ সৰবৰাহ বিষয়টো অতি গুৰুত্বপূৰ্ণ । কিয়নো ধনী দেশসমূহ ভেকচিনৰ ইতিমধ্যে আগতীয়াকৈ বুকিং কৰি ৰাখিছে । যিটো অন্যায় দেশৰ কাৰণে উদ্বেগৰ কাৰণ হ’ব পাৰে।

চাওঁ আহক ক’ভিড-১৯ ভেকচিনৰ কেইটামান শেহতীয়া তথ্য-

◆ হংকঙে ক’ভিড-১৯ ভেকচিনৰ ট্ৰায়েল আৰম্ভ কৰিছে, যিটো nasal spray ৰ দ্বাৰা পৰিচালিত। ইনফ্লুৱেঞ্জা আৰু ক’ভিড-১৯ ৰ প্ৰতিষেধক হিচাপে ব্যৱহাৰ কৰিব পাৰিব এই ভেকচিন।
অক্সফোৰ্ড ভেকচিনPost graduate Institute of Medical Education and Researchৰ ক’ভিড-১৯ ৰ ভেকচিনৰ ট্ৰায়েলত ভাৰতত প্ৰায় ৫৩ জন লোকে অংশগ্ৰহণ কৰিছে। ভেকচিন গ্ৰহণ কৰাৰ ৭ দিন পাছলৈকে এই পর্যন্ত কোনো এজন লোকৰে পাৰ্শ্বক্ৰিয়া হোৱা পৰিলক্ষিত হোৱা নাই।
◆ বিশ্ব স্বাস্থ্য সংস্থাৰ উদ্যোগত প্ৰস্তুত কৰা Covax ভেকচিনত অৱশেষত চীনে যোগদান কৰে । যিটো সমগ্ৰ বিশ্বতে সমবিতৰণ কৰিব। আনহাতে, এই Global vaccine poolত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ৰাছিয়াই এই পর্যন্ত যোগ দিয়া নাই ।
◆ ৪০০ মিলিয়ন লোকৰ বাবে ক’ভিড-১৯ৰ ভেকচিন ক্ৰয়ৰ বাবে ইউৰোপীয়ান কমিশ্যনে Johnson & Johnson ৰ স’তে হোৱা এটা চুক্তিত স্বাক্ষৰ কৰে। ইউৰোপ কমিশ্যনৰ এইটো তৃতীয় চুক্তি। আন দুটা আছিল Astrozeneca আৰু Sanofi.

Exit mobile version