তদন্তৰ অগ্ৰগতিৰ বুজ ল’লে মুখ্যমন্ত্ৰীয়ে

WhatsApp Image 2020 10 09 at 10.41.09 AM

আৰক্ষী উপ-পৰিদৰ্শক (এছ আই) পদৰ বাতিল হােৱা লিখিত পৰীক্ষাৰ প্রশ্নকাকত ফাদিলৰ ঘটনাত জড়িতৰ অভিযােগত ইজনৰ পাছত সিজন অভিযুক্তৰ জালত পৰাৰ পাছতাে মূল অভিযুক্তৰ কাষেই চাপিব পৰা নাই তদন্তকাৰী সংস্থাসমূহ । ইয়াকে লৈ প্রতিক্রিয়া অব্যাহত থকাৰ সময়তে মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালক ব্ৰহ্মপুত্ৰ ৰাজ্যিক অতিথিশালাত সাক্ষাৎ কৰি প্রশ্নকাকত ফাদিল সম্পৰ্কত চি আই ডিকে ধৰি বিভিন্ন আৰক্ষী থানাত ৰুজু হৈ থকা কেউটা গােচৰৰ তদন্ত প্রক্রিয়াৰ খতিয়ান দাঙি ধৰে আৰক্ষী সঞ্চালকপ্রধান ভাস্কৰজ্যোতি মহন্তই ।

এই প্রক্রিয়াত সহযােগ কৰে অসম আৰক্ষীৰ আইন-শৃংখলা শাখাৰ অতিৰিক্ত আৰক্ষী সঞ্চালকপ্রধান জ্ঞানেন্দ্র প্রতাপ সিঙে । মুখ্যমন্ত্রী কার্যালয়ৰ সূত্ৰই এই কথা সদৰী কৰি জনােৱা মতে, আৰক্ষীৰ উপ-পৰিদৰ্শক পদত নিযুক্তিৰ নামত অব্যাহত থকা ছিণ্ডিকেটৰাজ উৎখাতৰ বাবে মুখ্যমন্ত্রী সােণােৱালে দিয়া নির্দেৰ্শৰ ভিত্তিতে যােৱা ২০ ছেপ্টেম্বৰত চি আই ডিয়ে ২১/২০২০ নম্বৰত এক গােচৰ ৰুজু কৰে ।

উক্ত গােচৰৰ তদন্তৰ ভিত্তিতে ইতিমধ্যে জালত পৰিছে দালাল চক্ৰটোৰ অন্যতম অভিযুক্ত প্রাক্তন ডি আই জি প্রশান্ত কুমাৰ দত্ত, বিজেপি নেতা দ্বিবন ডেকাকে ধৰি ১৪ জন অভিযুক্ত। অথচ ইয়াৰ পাছতাে মূল অভিযুক্তৰ কাষ চাপিব পৰা নাই চি আই ডিয়ে । ইয়াৰ ভিত্তিতে মুখ্যমন্ত্রী সােণােৱালে তলৱ কৰে আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তক ।

প্রশ্নকাকত ফাদিল সম্পৰ্কত চি আই ডিত ৰুজু হােৱা ২১/২০২০ নম্বৰ গােচৰৰ লগতে বিভিন্ন আৰক্ষী থানাত ৰুজু হৈ থকা সংলগ্ন প্রতিটো গােচৰ আৰম্ভণিৰে পৰা নিৰীক্ষণৰ দায়িত্বত আছে আইন-শৃংখলা শাখাৰ অতিৰিক্ত আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিং। ইয়াৰ পৰিপ্ৰেক্ষিততে এ ডি জি পি সিঙৰ লগত পুৱা ব্ৰহ্মপুত্ৰ ৰাজ্যিক অতিথিশালাত উপস্থিত হয় আৰক্ষী সঞ্চালকপ্ৰধান মহন্ত ।

পাছত মুখ্যমন্ত্রী সােণােৱালেৰে সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত দীর্ঘসময় ধৰি ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হয় আৰক্ষী সঞ্চালকপ্ৰধান মহন্ত আৰু অতিৰিক্ত আৰক্ষী সঞ্চালকপ্রধান সিঙে। উক্ত সময়ছােৱাতে সংশ্লিষ্ট গােচৰৰ জেৰাৰ সময়ত ধৃত পি কে দত্ত আৰু সহযােগীসকলৰ লগতে বিজেপি নেতা দ্বিবন ডেকাই স্বীকাৰ কৰা সকলাে তথ্য মুখ্যমন্ত্রীক অৱগত কৰােৱা বুলি সূত্ৰটোৱে জনায়।

মুখ্যমন্ত্ৰীক কি খতিয়ান দাঙি ধৰিলে?

প্রশ্নকাকত ফাদিলৰ লগত প্রাক্তন ডি আই জি পি কে দত্ত প্রত্যক্ষভাৱে জড়িত থকাৰ বিষয়ে তথ্য সহকাৰে মুখ্যমন্ত্রীক অৱগত কৰে অতিৰিক্ত আৰক্ষী সঞ্চালকধান সিঙে । লগতে সম্পূর্ণ শৃংখল পদ্ধতিৰে যে প্রাক্তন ডি আই জিজনে এই কুকার্য সংঘটিত কৰিছিল সেই সম্পর্কত পি কে দত্তৰ সহযােগীসকলে জেৰাৰ সময়ত স্বীকাৰ কৰা তথ্যয়াে স্পষ্ট কৰাৰ কথা উল্লেখ কৰা বুলি সূত্ৰটোৱে জনায় । তদুপৰি বিজেপি নেতা দ্বিবন ডেকা আৰু ধৃত পি কে দত্তই ক’ত কেনেদৰে প্রশ্নকাকত পালে সেই সম্পর্কতাে প্রাথমিক তথ্য লাভ কৰাৰ কথাও অৱগত কৰা বুলি সূত্ৰটোৱে উল্লেখ কৰে।

খতিয়ান লৈ কি নির্দেশ দিলে মুখ্যমন্ত্ৰীয়ে ?

প্রশ্নকাকত ফাদিলৰ গােচৰত জড়িত কোনাে অভিযুক্তই যাতে সাৰি যাব নােৱাৰে সেই সম্পর্কত প্রয়ােজনীয় পদক্ষেপ গ্রহণৰ বাবে মুখ্যমন্ত্রী সােণােৱালে আজি নির্দেশ দিয়ে আৰক্ষী সঞ্চালকধানক। বিশেষকৈ, উৎকোচৰ বিনিময়ত চাকৰি ক্ৰয়ৰ চেষ্টা কৰা অভিযুক্তসকলৰ ক্ষেত্ৰতাে উৎকোচ গ্রহণ কৰাসকলৰ সমানে পদক্ষেপ গ্রহণ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে আৰক্ষী সঞ্চালকপ্ৰধানক নির্দেশ দিয়া বুলি সূত্ৰটোৱে জনায়। অৱশ্যে অনাগত দিনত প্রশ্নকাকত ফাদিল ঘটনাৰ মূল অভিযুক্ত জালত পৰে নে নপৰে সেয়া বাৰুকৈয়ে লক্ষ্যণীয় হ’ব বুলিও সূত্ৰটোৱে উল্লেখ কৰে।

Exit mobile version