তেজস্বীৰ মুছলমান-যাদৱ সমীকৰণক তীব্র প্রত্যাহ্বান জনালে নীতিশ কুমাৰে

WhatsApp Image 2020 10 09 at 2.10.10 PM

বিহাৰ বিধানসভাৰ নিৰ্বাচনত জাতি-বৰ্ণৰ বিশেষ প্রভাৱ পৰিলক্ষিত হৈ আহিছে। বিভিন্ন জাতি-সম্প্রদায়ৰ লােকৰ বসবাসস্থলী হিচাপে পৰিচিত বিহাৰৰ ৰাজনীতিত মুছলমান আৰু যাদৱ সম্প্রদায়ে প্রভাৱিত কৰাটো সকলােৰে জ্ঞাত। আৰ জে ডিৰ নেতা তেজস্বী যাদৱে এইবাৰৰ নিৰ্বাচনত মুছলমান-যাদৱ সম্প্রদায়ক বিশেষ লক্ষ্য হিচাপে লৈ মাই’ (মুছলমান-যাদৱ) সমীকৰণ এক ৰণকৌশল হিচাপে অৱলম্বন কৰিছে।

তেজস্বীয়ে এই দুই সম্প্রদায়ৰ লােকক আকর্ষিত কৰিবলৈ চেষ্টা চলাইছে। কিন্তু আৰ জে ডিৰ এই ‘মাই’ সমীকৰণক কঠোৰ প্ৰত্যাহ্বান জনালে বিহাৰৰ মুখ্যমন্ত্রী তথা জে ডি (ইউ)ৰ মুৰব্বী নীতিশ কুমাৰে। নীতিশৰ দলটোৱে ৰাজ্যখনৰ আগন্তুক নির্বাচনত মুঠ ১১৫ সমষ্টিৰ দলীয় তালিকাত যাদৱ সম্প্রদায়ৰ ১৮ আৰু সংখ্যালঘু সম্প্রদায়ৰ ১১ প্রার্থীক টিকট প্রদান কৰি এক চমক দিলে।

মূলতঃ আৰ জে ডিক শ’লঠেকত পেলাবলৈকে নীতিশে এইদৰে জে ডি (ইউ)ৰ প্রার্থিত্ব প্রদানত প্রায় আঢ়ৈ ডজন যাদৱ আৰু মুছলমান প্রার্থীক অগ্রাধিকাৰ দিলে বুলি ৰাজ্যখনত চৰ্চিত হৈছে। জে ডি (ইউ)ৰ প্রার্থী তালিকা প্রকাশ পাছতে দলৰ নেতা আৰ চি পি সিঙে কয় যে তেওঁলােকৰ দলটো বিহাৰৰ সকলাে জাতি-সম্প্রদায়ক সমানে প্রতিনিধিত্বৰ সুযােগ দিলে ।

যাদৱ আৰু মুছলমান প্রার্থীৰ লগতে নীতিশৰ দলটোৱে এইবাৰৰ নির্বাচনত মুঠ ১৯ গৰাকী অবর্ণ প্রার্থীক দলৰ টিকট প্রদান কৰিলে। এইসকল প্রার্থীৰ ভিতৰত দুজন ব্রাহ্মণ, সাতজন ৰাজপুত আৰু সাতজন ভূমিহাৰ সম্প্ৰদায়ৰ প্রার্থী আছে।

Exit mobile version