নিশাৰ আকাশত খালী চকুৰেই দেখা যাব ‘ৰঙা গ্ৰহ’

Screenshot 8

নিশাৰ আকাশত ক্ৰমে স্পষ্ট ৰূপত দেখা দিছে ৰঙা গ্ৰহ মঙল । খালী চকুৰেই এই সময়ছোৱাত সকলোৱে গ্ৰহটো প্ৰত্যক্ষ কৰিব পাৰিব । যোৱা ৬ অক্টোবৰৰে পৰা আমাৰ প্ৰতিবেশী গ্ৰহটো পৃথিৱীৰ আৰু অধিক ওচৰলৈ আহিছে । পৰিষ্কাৰ আকাশত ৰঙা গ্ৰহটোক অতিকৈ উজ্জ্বল ৰূপত দেখিবলৈ পোৱাৰ লগতে গৱেষকসকলে বিভিন্ন তথ্য সংগ্ৰহৰো সুযোগ লাভ কৰিব ।

মাৰ্কিন মহাকাশ গৱেষণা সংস্থা ‘নাছা’ই জনোৱা অনুসৰি বৰ্তমান মুহূৰ্তত পৃথিৱীৰ কক্ষপথৰ পৰা তিনি কোটি ৮৬লাখ মাইল আঁতৰত আছে মঙল গ্ৰহটো । সমগ্ৰ নিশাটোজুৰি আকাশত দৃশ্যমান হৈ থাকিবলগীয়া ৰঙা গ্ৰহটোক মাজনিশাৰ সময়ছোৱাত অধিক স্পষ্টৰূপত দেখিবলৈ পোৱা যাব ।

নাছাই জনোৱা অনুসৰি ২০৩৫ পৰ্যন্ত মঙল গ্ৰহটো পৃথিৱীৰ প্ৰায় ওচৰতে থাকিব ।ইয়াৰ পূৰ্বে ২০১৮ ত মঙল পৃথিৱীৰ অতি ওচৰলৈ আহিছিল । কিন্তু ২০০৩ ৰ ২৭ আগষ্টত মঙল আৰু পৃথিৱীৰ মাজৰ দূৰত্ব অতিকৈ কম হৈছিল । ই আছিল যোৱা ৬০ বছৰত দুয়োটা গ্ৰহৰ মাজৰ সবাতোকৈ কম দূৰত্ব ।

Exit mobile version