প্ৰাচীন যুদ্ধ ভূমিত আধুনিক এয়াৰষ্ট্ৰিপ

Screenshot 7

ভাৰত-চীন সীমান্তত অব্যাহত থকা উত্তেজনাৰ মাজতে পুনৰ শিৰোনামালৈ আহিছে এই এয়াৰষ্ট্ৰিপ। নামকৰণৰ লগতো জড়িত হৈ আছে যুদ্ধৰ দামামা । ১৫৩৩ খ্ৰীষ্টাব্দত এই পথেৰেই সমৰখন্দৰ নিজ দেশলৈ বুলি উভতিছিল চাঘতাই বংশৰ চুলতানে নিজ দেশলৈ উভতিছিল; কিন্তু ইমান উচ্চতাত প্ৰচণ্ড শীত সহ্য কৰিব নোৱাৰিলে চুলতানে । ফলত উভতনি যাত্ৰাত আদবাটতে তেওঁৰ মৃত্যু হ’ল ।

সেই সময়ৰে পৰা পাৰ্বত্য অঞ্চলটোৰ নাম হয় দৌলত বেগ অ’ল্ডি । অঞ্চলটো কে’বাশ বছৰ ধৰি যুদ্ধৰ দামামাৰ মাজতে আছে । অঞ্চলটোৰ দক্ষিণ দিশৰ পূবৰ পৰা পশ্চিমলৈ বৈ গৈছে চিপ চাপ নদী । এই এয়াৰষ্ট্ৰিপতে শেহতীয়াকৈ অৱতৰণ কৰিছে মাৰ্কিন সেনা পৰিবহণৰ বিমান চি-১৩০ জে ছুপাৰ হাৰকিউলিছ । ফলত ১৯৬২ ত ভাৰত -চীন যুদ্ধৰ সময়ত নিৰ্মাণ কৰা এয়াৰষ্ট্ৰিপখন পুনৰ ব্যস্ত হৈ পৰিছে ।

এই সেনা শিবিৰ বিশ্বৰ উচ্চতম স্থানত থকা সেনা শিবিৰবিলাকৰ ভিতৰতে অন্যতম ।উচ্চতাৰ বাবেই শিবিৰটোৰ পৰা গিলগিট তথা আকচাই চীনৰ বিস্তৃত অঞ্চলৰ ওপৰত ভাৰতীয় সেনাই চকু ৰাখিব পৰিছে । এই এয়াৰষ্ট্ৰিপ চীনৰ বাবে মূৰৰ কামোৰণি হৈ পৰিছে । এবাৰ যুদ্ধ আৰম্ভ হ’লে এই এয়াৰষ্ট্ৰিপৰ পৰাই ভাৰতে সহজতে চীন-পাকিস্তানৰ অৰ্থনৈতিক কৰিডৰ (চিপেক)ৰ ওপৰত আঘাত হনাৰো আশংকা কৰিছে বেইজিং প্ৰশাসনে ।

অৱস্থানগত দিশৰে দৌলত বেগ অ’ল্ডি অতিকৈ গুৰুত্বপূৰ্ণ । ইয়াৰ কাষতে থকা কাৰাকোৰাম পৰ্বতৰ গিৰিপথেৰে সুদূৰ অতীতৰে পৰা মধ্য এছিয়া আৰু লাডাখৰ মাজত যোগাযোগ হৈ আহিছে । চিয়াচেনত পহৰাৰত সেনালৈও এই এয়াৰষ্ট্ৰিপৰ পৰাই ৰছদ প্ৰেৰণ কৰা হয় । একে স্থানতে ভাৰতীয় সেনাৰ হেলিপেডও আছে । সকলো মিলাই দেশৰ সুৰক্ষাত এই সেনা শিবিৰৰ গুৰুত্ব অপৰিসীম হিচাপে পৰিগণিত হৈছে ।

Exit mobile version