বঙাইগাঁওত মাজনিশা গেৰুকাবাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া সহ গ্ৰেপ্তাৰ তিনিজন

WhatsApp Image 2020 10 09 at 5.06.14 PM

বঙাইগাঁওত আৰক্ষীয়ে মাজনিশা গ্ৰেপ্তাৰ কৰিলে তিনি আৰক্ষীক । বৃহস্পতিবাৰে মাজনিশা বঙাইগাঁও সদৰ থানাৰ আৰক্ষীয়ে বঙাইগাঁৱৰ মাণিকপুৰ থানা এলেকাৰ গেৰুকাবাৰী আৰক্ষী চকীৰ উপ-পৰিদৰ্শক প্ৰীতম দাস, কনিষ্টবল জমিৰ আলী আৰু গৃহৰক্ষী জোৱান ছাহাবুদ্দিনক গ্ৰেপ্তাৰ কৰে ।

সমগ্ৰ ৰাজ‍্যত যিসময়ত আৰক্ষীৰ উপ পৰিদৰ্শক নিযুক্তি পৰীক্ষা কেলেংকাৰীত তোলপাৰ লগাইছে, ঠিক সেই সময়তে বঙাইগাঁওত সংঘটিত গ্ৰেপ্তাৰৰ ঘটনাই তোলপাৰ লগাইছিল বঙাইগাঁওত । যোৱা ৩০ চেপ্টেম্বৰত বৰপেটাৰ পৰা বঙাইগাঁৱলৈ এখন বাহনেৰে আহি থকা চাৰিজন এটিএম হেকাৰক আটক কৰি ধনৰ বিনিময়ত তেওঁলোকক মুকলি কৰি দিছিল গেৰুকাবাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া আৰক্ষী উপ-পৰিদৰ্শক প্ৰীতম দাসে । তেওঁৰ লগত সহযোগী হিচাপে আছিল কনিষ্টবল জমিৰ আলী আৰু গৃহৰক্ষী জোৱান ছাহাবুদ্দিন ।

এই সংক্ৰান্তত অভিযোগ পোৱাৰ পিছতে আৰক্ষীৰ তদন্ত চলিছিল বিষয়টোক লৈ । সেইমতে তদন্তত অভিযুক্ত হিচাপে ধৰা পৰাত তিনিওকে যোৱা নিশা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি আজি দুপৰীয়া তেওঁলোকক আদালতত হাজিৰ কৰায়। তিনিও অভিযুক্তৰ বিৰুদ্ধে বঙাইগাঁৱৰ মাণিকপুৰ থানাত ৩৯০/২০২০ নং গোচৰ ৰুজু কৰা হৈছে বুলি জনায় বঙাইগাঁও জিলা সদৰ অতিৰিক্ত আৰক্ষী অধিক্ষক পংকজ কাকতীয়ে ।

পুৱাৰে পৰা গেৰুকাবাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াজন সহ তিনিজনক গ্ৰেপ্তাৰ কৰা ঘটনা লৈ বঙাইগাঁও জিলাত বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল । অৱশেষত আজি বিয়লি ২.৩০ বজাত বঙাইগাঁও সদৰ থানাত জিলা সদৰ অতিৰিক্ত আৰক্ষী অধীক্ষক জনে আনুষ্ঠানিক ভাৱে বিতং তথ্য অৱগত কৰাৰ পিছতহে সকলো উৎকণ্ঠাৰ অন্ত পৰে।

Exit mobile version