চীন যে কোনোপধ্যেই সেও মানিবলৈ বাধ্য নহয়,সেয়া আমি মানি ল’বই লাগিব

modii Xi

ভাৰত-চীনৰ বিবাদৰ মাজত আমেৰিকাৰ ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টাৰ মন্তব্য যে LAC ত চীনে সম্পূৰ্ণ নিয়ন্ত্ৰণ কৰাৰ চেষ্টা কৰিছে ।আলোচনাৰ দ্বাৰা চীন নিজৰ সিদ্ধান্ত পৰিৱৰ্তন কৰাৰ পক্ষপাতি নহয়। চীন-ভাৰতৰ উত্তেজনাৰ মাজতে আমেৰিকাৰ এই মন্তব্যই যথেষ্ট তাপৰ্য্য বহন কৰিছে ৷

উল্লেখযোগ্য যে পূব লাডাখ সীমান্তত বিগত পাঁচ মাহে উত্তেজনা অব্যাহত আছে। ইয়াৰ কাৰণে দুয়োখন দেশৰ মাজত ক্ৰমান্বয়ে পৰিস্থিতি জটিল হৈ পৰিছে ৷দুয়োখন দেশৰ মাজত এই পৰিস্থিতি সুস্থিৰ কৰিবলৈ উচ্চ স্তৰীয় নেতাৰ লগতে সেনা প্ৰধানসকলৰ মাজত ইখনৰ পাছত সিখন বৈঠক অনুষ্ঠিত হৈছে ৷কিন্তু সমস্যাৰ সমাধান হোৱা নাই ।

এই সন্দৰ্ভত আমেৰিকাৰ NSA ৰ বিষয়া Robert OBrien য়ে কয় যে চীনে ভাৰতৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাক নিয়ন্ত্ৰণ কৰিব চেষ্টা কৰি আহিেছে ৷Brien য়ে লগতে কয় “চীনে যে কোনোপধ্যেই সেও মানিবলৈ বাধ্য নহয়৷সেয়া আমি মানিবই লাগিব ৷এতিয়া আৰু অন্তৰ কোমল কৰি লাভ নাই। কাৰণ এইয়া আমি দীঘলীয়া সময় ধৰি কৰি আহিছো ৷”লগতে Brien য়ে লগতে কয় “আমেৰিকাই চীনৰ বিৰুদ্ধে সিদ্ধান্ত ল’ব লাগিব ।আৰু আমেৰিকাবাসীক ৰক্ষা কৰিব লাগিব ৷”

Exit mobile version