ভাৰতত সক্ৰিয় ১৪২ টা মাদকদ্ৰব্য সৰবৰাহ চক্ৰ

file 20170621 28012 10279t7

সমগ্ৰ দেশত সম্প্ৰতি সক্ৰিয় হৈ আছে কমেও ১৪২ টা মাদকদ্ৰব্য সৰবৰাহকাৰী চক্ৰ ।নাৰ্ক’টিকছ কন্ট্ৰ’ল ব্যুৰ’(NCB) ৰ এক প্ৰতিবেদনৰ তথ্য অনুসৰি দেশজুৰি বিস্তাৰিত হৈ থকা ১৪২ টা নিষিদ্ধ মাদকদ্ৰব্য সৰবৰাহকাৰী চক্ৰই ইতিমধ্যে ভাৰতত হেৰ’ইনৰ বৃহৎ ব্যৱসায় চক্ৰ পৰিচালিত কৰিছে।

বলিউদত নিষিদ্ধ মাদকদ্ৰব্যৰ অবাধ ব্যৱহাৰৰ প্ৰসংগত NCB য়ে তদন্ত অব্যাহত ৰখাৰে সময়তে মাদকদ্ৰব্য প্ৰতিৰোধী বিভাগটোৰ প্ৰতিবেদনত উল্লেখ কৰা মতে, ভাৰতত বিস্তাৰিত হোৱা মাদকদ্ৰব্যৰ এই চক্ৰটোৰ স’তে বিশ্বৰ বিভিন্ন দেশ জড়িত হৈ আছে ৷বিশেষকৈ পশ্চিম ইউৰোপ,কানাডা,অষ্ট্ৰেলিয়া,আফ্ৰিকা,দক্ষিণ আমেৰিকা আৰু পশ্চিম এছিয়াৰ বিভিন্ন দেশত মাদকদ্ৰব্যৰ সৰবৰাহকাৰী চক্ৰটোৱে জাল বিস্তাৰ কৰিছে ৷

NCB ৰ তথ্য অনুসৰি দেশৰ বিভিন্ন চহৰত হেৰ’ইনৰ পাইকাৰী ব্যৱসায় অব্যাহত আছে আৰু প্ৰতি বছৰে ভাৰত প্ৰায় ৩৬০ মেট্ৰিকটন হেৰ’ইনৰ ক্ৰয় বিক্ৰয় হৈ আহিছে। সমগ্ৰ দেশতে দৈনিক এহেজাৰ কিলোগ্ৰাম হেৰ’ইন বিক্ৰী হোৱাৰ চাঞ্চল্যকৰ তথ্যও NCB ৰ প্ৰতিবেদনত প্ৰকাশ কৰিছে ৷দেশৰ বিভিন্ন অঞ্চলত কমেও ২০ লাখ লোকে এই ধৰণৰ নিষিদ্ধ মাদকদ্ৰব্য ব্যৱহাৰ কৰি আহিছে ৷

NCB ৰ তথ্য অনুসৰি দেশৰ ভিতৰত পঞ্জাৱত সৰ্বাধিক পৰিমাণৰ মাদকদ্ৰব্য সৰবৰাহ হৈ আহিছে ৷২০১৯ বৰ্ষত পঞ্জাৱৰ পৰা মাদকদ্ৰব্য সৰবৰাহৰ গোচৰত ১৫,৪৪৯ জন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ।উক্ত বৰ্ষত দেশজুৰি মাদকদ্ৰব্যৰ গোচৰত মুঠ ৭৪,৬২০ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছিল।

NCB ৰ অনুসন্ধানত প্ৰকাশ কৰা মতে ভাৰতত সক্ৰিয় হৈ থকা মাদকদ্ৰব্য সৰবৰাহৰ এই চক্ৰটোৰ স’তে আফগানিস্তানৰ তালিবান আৰু পাকিস্তানৰ চোৰাংচোৱা সংস্থা আই এছ আইৰো যোগাযোগ আছে। ভাৰত পাকিস্তান সীমান্তই দি গোপন সৰবৰাহ হোৱা এনেবোৰ নিষিদ্ধ মাদক দ্ৰব্য দেশৰ বিভিন্ন চহৰলৈ ১৪২ টা সৰবৰাহকাৰী চক্ৰই যোগান ধৰি আহিছে ৷

কেৰালা,লাক্ষাদ্বীপ আৰু তামিলনাডুৰ পৰাও মাদকদ্ৰব্যৰ সৰবৰাহ হৈ আহিছে আৰু এইদৰে হায়দৰাবাদ,বাংগালুৰু,মুম্বাই,গোৱা চেন্নাই আৰু দিল্লীলৈ বৃহৎ পৰিমাণৰ নিষিদ্ধ ড্ৰাগচ যোগান ধৰা হয় ।

Exit mobile version