ৰেলৱে বিভাগৰ কৰ্মচাৰীসহ পুনৰ দুই দালালক গ্ৰেপ্তাৰ

d0b9a25faac4251aee5091b5a5eab8694e6784057b02635a604e2cd9fa45018c

# প্ৰশ্নকাকত ফাদিলৰ গোচৰত পুনৰ জালত পৰিল দুই কুখ্যাত দালাল।
# মেচাৰ্চ অক্ষয় টেলি কমিউনিকেছনৰ অন্যতম স্বতাধিকাৰী ৰুবুল হাজৰিকাৰ স্বীকাৰোক্তিৰ ভিত্তিত বৰপেটাৰ গান্ধীনগৰ আৰু বঙাইগাঁওৰ অভয়াপুৰীত পুৱতি নিশা অভিযান সংশ্লিষ্ট জিলাৰ জিলা আৰক্ষীৰ।
# অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ নিৰ্দেশত এই অভিযান।
#অভিযানৰ সময়ত জালত পৰা দালাল দুজন হৈছে বৰপেটা গান্ধীনগৰৰ দেৱৰাজ দাস আৰু অভয়াপুৰীৰ ৰূপম দাস।
# ধৃত দেৱৰাজ দাস ৰেলৱে বিভাগৰ তৃতীয় শ্ৰেণীৰ কৰ্মচাৰী।
# দেৱৰাজৰ বাসগৃহৰ পৰা বৃহৎ পৰিমাণৰ নগদ ধন উদ্ধাৰ।
# ৰধৃত ৰূপম দাস অতিকে ঘনিষ্ঠ কালি জালত পৰা ৰুবুল হাজৰিকাৰ।
# পশ্চিম অসমৰ বিভিন্ন জিলাৰ নিবনুৱা যুৱক-যুৱতীক আৰক্ষী উপ-পৰিদৰ্শক পদত চাকৰি দিয়াৰ নামত দুয়োৰে বিৰুদ্ধে লাখ লাখ টকা উৎকোচ আদায়ৰ অভিযোগ।

Exit mobile version