আজিৰ মহিলাই আকাশ চুবলৈ সক্ষম হৈছেঃ সাংসদ দিলীপ শইকীয়া

1600x960 156900 dilip saikia

আজি ডিব্ৰুগড়ৰ চৌকিডিঙ্গী খেলপথাৰত ভাৰতীয় জনতা পাৰ্টিৰ মহিলা ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। সভাত মংগলদৈৰ সাংসদ দিলীপ শইকীয়াই কয় বিজেপি শাসনৰ সময়ত মহিলাৰ উত্তৰণৰ সন্দৰ্ভত মন্তব্য কৰে ।

আজিৰ মহিলাই আকাশ চুবলৈ সক্ষম হোৱাটোক সাংসদ শইকীয়াই ইতিবাচক দিশ হিচাপে আখ্যা দিয়ে ৷আনহাতে বিধায়িকা সুমন হৰিপ্ৰিয়াই কয় যে মহিলাসকলৰ উত্তৰণৰ ক্ষেত্ৰত বিজেপিয়ে সকলো ব্যৱস্থা হাতত লৈছে।

কংগ্ৰেছৰ সময়ত মহিলাসকলক দিয়া সূতা কম্বলৰ পৰিৱৰ্তে এতিয়া বিজেপিয়ে মহিলাসকলৰ একাউণ্টত ধন জমা কৰিছে ৷আত্মসহায়ক গোটসমূহক সহায় কৰিছে ।পৰিৱৰ্তন এইয়াই ।উল্লেখযোগ্য যে আজিৰ এই সভাখনত মহিলা মৰ্চাৰ প্ৰভাৰী ড° হেমপ্ৰভা বৰঠাকুৰ,বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাৰ লগতে বহু ব্যক্তি উপস্থিত আছিল ৷

Exit mobile version