কাৰ ভুলৰ পৰিণাম ভূগিছে গোৰেশ্বৰ মহৰিপাৰাৰ যুৱক নৱ কুমাৰ নাথে

WhatsApp Image 2020 10 11 at 11.45.17 AM

এজন চফল ডেকা । সমাজৰ বিভিন্ন কামত আগভাগ লোৱা আৰু সদা উৎসাহী এজন যুৱক, নাম নৱ কুমাৰ নাথ। বাক্সা জিলাৰ গোৰেশ্বৰ ৰাজহ চক্ৰৰ মহৰিপাৰা নিবাসী নৱ কুমাৰ নাথৰ স’তে নিয়তিয়ে খেলিছে নিষ্ঠুৰ খেল । মহিৰাপাৰাৰ উত্তৰ বেতনা হাইস্কুলৰ অৱসৰপ্ৰাপ্ত কাৰ্যালয় সহায়ক যতীন্দ্ৰ নাথৰ পুত্ৰ নৱ কুমাৰ নাথৰ স্বাস্থ্যৰ অৱস্থা তথৈবচ । বিগত ৭ ফেব্ৰুৱাৰীত বাইক এখনে খুন্দিয়াই যোৱাৰ ফলত মূৰত সামান্য আঘাত পাইছিল নৱই । পকী দেৱাল এখনত খুন্দা খাই মূৰত আঘাত পোৱা নৱক লগে লগে চিকিৎসালয়লৈ নিয়া হয়ঢ়।

প্ৰথমে চিকিৎসকে বিশেষ একো চিন্তাৰ কাৰণ নাই বুলিয়েই কয় যদিও মূৰত আঘাত পোৱা হেতুকে উত্তৰ গুৱাহাটীৰ জিএনআৰচিলৈ নি চিটিস্কেন কৰোৱা হয় । মূৰৰ ভিতৰত সামান্য তেজ গোট মাৰি যোৱাৰ বাবে গুৱাহাটীৰ ডাউন টাউন হস্পিতালত ৯ ফেব্ৰুৱাৰী আৰু ১১ ফেব্ৰুৱাৰীত দুটাকৈ অস্ত্ৰোপচাৰ কৰা হয় মস্তিষ্কৰ । কিন্তু অস্ত্ৰোপচাৰৰ পিছতো সুস্থ হৈ নুঠিল নৱ। বৰং দিনক-দিনে অসুস্থহে হৈ পৰে যুৱকজন । আনকি স্মৃতি শক্তি হেৰুৱাই পেলোৱাৰ উপক্ৰম হয় । ইয়াৰ পিছত আন কে’বাখনো চিকিৎসালয়ত চিকিৎসা কৰিও সুস্থ কৰি তুলিব পৰা নগ’ল নৱক ।

এতিয়া প্ৰশ্ন হৈছে কাৰ ভুলৰ বাবে এনেদৰে জটিল হৈ পৰিল নৱৰ মস্তিষ্কৰ চিকিৎসা ? বৰ্তমান দুই সন্তানক ঘৰত এৰি থৈ পত্নী আৰু পৰিয়ালৰ লোকে এতিয়া নৱৰ চিকিৎসা চলাইছে চেন্নাইত । চেন্নাইৰ গ্লোবেল হস্পিতালত পৰিয়ালৰ লোকে চিকিৎসা কৰি ভাগৰি পৰাৰ উপক্ৰম হৈছে । আজিলৈ প্ৰায় ৩৫ লাখ টকা খৰছ কৰিও সম্পূৰ্ণ সুস্থ কৰি তুলিব নোৱাৰি ভাগৰি পৰিছে পৰিয়ালটো ।

বৰ্তমান চেন্নাইত মস্তিষ্কৰ পুনৰ অস্ত্ৰোপচাৰৰ প্ৰয়োজন হোৱাত প্ৰায় বিশ লাখ টকাৰ প্ৰয়োজন নৱক। ইতিমধ্যে পৰিয়ালটোৱে মাটি সম্পত্তি, চাৰিচকীয়া বাহনৰ লগতে পত্নীৰ গহনা বিক্ৰী কৰি চিকিৎসা কৰিলে । কিন্তু এতিয়া চেন্নাইত চিকিৎসা কৰিববলৈ অপাৰগ হৈ পৰিছে নৱৰ পৰিয়াল। নৱ কুমাৰ নাথ মহৰিপাৰাৰ উত্তৰ বেতনা বাৰোৱাৰী দুৰ্গা পূজা, উত্তৰ বেতনা কেন্দ্ৰীয় ৰঙালী বিহু, নৱজাগৰণ মঞ্চ, ছাত্ৰ সংগঠনকে ধৰি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ স’তে জড়িত । এগৰাকী এল আই চি এজেন্ট হোৱাৰ লগতে নৱই ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত কিছুদিন শিক্ষকতা কৰিছিল ।

সকলো কামতে উৎসাহী যুৱকজন এনে অৱস্থালৈ চাই স্বাভাবিকতে পৰিয়ালৰ লোককে ধৰি সকলো চিন্তিত হৈ পৰিছে । পাৰ্যমানে আৰ্থিক কিছু সহায় সহযোগিতা কৰিছে যদিও সেয়া পৰ্যাপ্ত নহয় । আনহাতে মন্ত্ৰী ভৱেশ কলিতাই তেওঁক দহ হাজাৰ টকা দি সহায় কৰিছিল যদিও পুনৰ নৱক সুস্থ কৰিবলৈ প্ৰয়োজন বহু ধনৰ ।

সেয়েহ তেওঁৰ পিতৃ যতীন্দ্ৰ নাথৰ নামত থকা একাউন্ট নম্বৰ চেন্ট্ৰল বেংক অৱ ইণ্ডিয়াৰ মহৰিপাৰা শাখাৰ একাউন্ট নম্বৰ ২৩৩১৪২০০৯৪ , আইএফএচচি কোড চিবিআইএন ০২৮২২৫৩ নম্বৰত সাহাৰ্য দিবলৈ কাতৰ অনুৰোধ জনাইছে পৰিয়ালৰটোৰ লগতে বন্ধু বৰ্গই।

পৰিয়ালৰ যোগাযোগ নম্বৰ- ৯১০১০ ৫৩২২০, ৯৮৫৪৪৪৭২১২ । মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰো দৃষ্টি আকৰ্ষণ কৰি পৰিয়ালটোৱে যুৱকজনক জীৱন দান দিয়াৰ বাবে সহায় ভিক্ষা মাগিছে।

Exit mobile version