ডিমা হাচাওত গাহৰি মাংস খাই বিষক্ৰিয়া

Screenshot 20201011 172451 WhatsApp

ডিমা হাচাও জিলাৰ উমৰাংচ’ত দেওবাৰে পুৱাই গাহৰি মাংস ভক্ষণ কৰি বিষক্রিয়া হোৱাত সম্প্রতি উমৰাংচ’স্থিত চৰকাৰী হস্পিতালত চিকিৎসাধীন হৈ আছে ৩০ জনৰাে অধিক লােক ।

জানিব পৰা মতে, জিলাখনৰ উমৰাংচ’ আৰক্ষী থানাৰ অধীনস্থ বৰলাংফেৰৰ ১৪ কিলাে’ত এই ঘটনাটো সংঘটিত হয়। অতি সংকটজন অৱস্থাত থকা লােকসকলক হাফলং অসামৰিক হস্পিতালত ইতিমধ্যে ভর্তি কৰােৱা হৈছে।

গাঁওখনত পুৱাই এজন লােকে গাহৰি কাটি মাংস বিক্ৰী কৰাত গাঁওবাসীয়ে পুৱাই গাহৰি মাংস ক্রয় কৰি ভক্ষণ কৰাৰ পাছৰে পৰাই এজন এজনকৈ এই খাদ্য বিষক্রিয়াত আক্রান্ত হ’ব ধৰে।

ইপিনে, দুপৰীয়া ১২ বজাৰ পাছত প্রায় ৩০ জনৰাে অধিক লােকৰ বমি, ডায়েৰীয়া আৰু মূৰ ঘূৰাই প্রায় লােকে অচেতন হৈ পৰে। সম্প্রতি ছুৱাইন ফ্লু’ৰ সন্দেহত অঞ্চলটো আতংকিত হৈ পৰিছে ।

Exit mobile version