দিল্লী বিশ্ববিদ্যালয়ৰ অধীনৰ কেইখনমান মহাবিদ্যালয়ৰ কাট অৱ মাৰ্কছ ঘোষণা

WhatsApp Image 2020 10 11 at 1.10.09 PM

শনিবাৰে দিল্লী বিশ্ববিদ্যালয়ে স্নাতক ডিগ্ৰীৰ নামভর্তিৰ বাবে কাট অৱ মাৰ্কছৰ তালিকা ঘোষণা কৰে ।

মন কৰক দিল্লী বিশ্ববিদ্যালয়ৰ অধীনৰ কেইখনমান মহাবিদ্যালয়ৰ কাট অৱ মাৰ্কছ –

◆ লেডী শ্ৰীৰাম কলেজত তিনিটা অনাৰ্ছ কোৰ্ছৰ অৰ্থনীতি, ৰাজনীতি বিজ্ঞান আৰু চাইক’লজি বিভাগৰ কাট অৱ মাৰ্কছ ১০০% ।
◆ শ্ৰীৰাম কলেজেত কমাৰ্চ শাখাৰ কাট অৱ মাৰ্কছ ৯৮.৫ % ৰ পৰা বৃদ্ধি হৈ হয়গৈ ৯৯.৫% । অৰ্থনীতি বিভাগত কাট অৱ মাৰ্কছ ৯৯% ।
◆ হংসৰাজ কলেজত বি কমত অনাৰ্ছৰ বাবে কাট অৱ মাৰ্কছ ৯৯.২৫% । অৰ্থনীতিত ০.২৫ পইণ্ট বৃদ্ধি কৰাৰ পিছত হয়গৈ ৯৮.৭৫% ।
◆ Kirori Mal কলেজত কমাৰ্চ শাখাত নামভৰ্তিৰ বাবে কাট অৱ মাৰ্কছ নিৰ্ধাৰণ ৯৮.৭৫% । কলা শাখাৰ অৰ্থনীতি বিভাগ আৰু বি কম (p)ৰ কাট অৱ মাৰ্কছ ৯৮.৫% আৰু ৯৮% ।
◆ আৰ্যভট্ট কলেজৰ অৰ্থনীতি বিভাগৰ কাট অৱ মাৰ্কছ ৯৬% ৰ পৰা হয়গৈ ৯৮% । কমাৰ্চ শাখাৰ ৯৬% ৰ পৰা হয়গৈ ৯৭.৫% । ৰাজনীতি বিজ্ঞানৰ কাট অৱ মাৰ্কছ ৯৫% ।

৭০ হেজাৰ স্নাতক ডিগ্ৰীৰ আসনৰ স’তে নামভর্তিৰ প্ৰক্ৰিয়া আৰম্ভ হ’ব ১২ অক্টোবৰৰ পৰা । কৰ’না মহামাৰীৰ পৰিপ্ৰেক্ষিতত নামভৰ্তি প্ৰক্ৰিয়া অনলাইন যোগে সম্পন্ন হ’ব । আনহাতে, নতুন বৰ্ষৰ পাঠ্যক্ৰমৰ আৰম্ভ হ’ব ১৮ নৱেম্বৰৰ পৰা।

Exit mobile version