যুদ্ধ বিৰতিৰ ২৪ ঘন্টা নৌহওঁতেই পুনৰ যুদ্ধক্ষেত্ৰলৈ পৰিণত নাৰ্গনো-কাৰবাখ অঞ্চল

WhatsApp Image 2020 10 11 at 3.46.40 PM

কৰ’না ভাইৰাছ মাজতে যুদ্ধ ক্ষেত্ৰলৈ পৰিণত হৈছে নাৰ্গনো-কাৰবাখ অঞ্চল ।যুদ্ধবিৰতি ঘোষণাৰ মাত্ৰ কেই ঘণ্টামানৰ ভিতৰতে পুনৰ যুদ্ধ ক্ষেত্ৰলৈ পৰিণত হৈছে নাগৰ্নো-কাৰবাখ অঞ্চল । এই পৰ্যন্ত এই যুদ্ধত ৩৭৬ জন সেনা আৰু ২৭ জন অসামৰিক লোকৰ মৃত্যু ঘটিছে ।

নাগৰ্নো-কাৰবাখ অঞ্চলকলৈ আৰ্মেনিয়াৰ বিদ্ৰোহীয়ে ঘোষণা কৰা ৰাষ্ট্ৰ ৰিপাব্লিক অৱ আৰ্টচাকৰ স্ব-ঘোষিত ৰাষ্ট্ৰপতি আৰাইক হাৰুতুনিয়ানৰ মুখপাত্ৰ ভাহৰাম ফগচিয়ানে প্ৰকাশ কৰা অনুসৰি আৰ্টচাকৰ ছুচি আৰু মাৰতুনি চহৰত শনিবাৰে নিশাৰে পৰা আজাৰবাইজানৰ সেনাই ধাৰাসাৰ বোমা নিক্ষেপ কৰিছে ।

ইয়াৰ মাজতে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে আজাৰবাইজান আৰু আৰ্মেনিয়াক মস্কোত শান্তি আলোচনাত বহাৰ বাবে আজি আহ্বান জনাইছে । উল্লেখ্য শনিবাৰে নাগৰ্নো-কাৰবাখ অঞ্চলকলৈ ভয়ংকৰ যুদ্ধত লিপ্ত হোৱা আজাৰবাইজান আৰু আৰ্মেনিয়াই যুদ্ধবিৰতি ঘোষণা কৰিবলৈ সন্মত হৈছিল ।

Exit mobile version