শুভ জন্মদিন অমিতাভ বচ্চন

WhatsApp Image 2020 10 11 at 11.07.12 AM

বলিউদৰ সবাতোকৈ সন্মানীয় ব্যক্তিৰ ভিতৰত অমিতাভ বচ্চন অন্যতম । আজি কিংবদন্তি অভিনেতাজনৰ ৭৮ সংখ্যক জন্মদিন । সামাজিক মাধ্যমত মেগাষ্টাৰজনক বহু শুভাকাংশীয়ে বিভিন্ন ধৰণে জন্মদিনৰ শুভেচ্ছা জনাইছে । বিগ বি বচ্চনে ইনষ্টাগ্ৰামৰ এক পোষ্টৰ যোগেদি শুভাকাংশী আৰু অনুৰাগীসকলক ধন্যবাদ জ্ঞাপন কৰি অনুৰাগী সকলৰ পৰা প্ৰাপ্ত সৰ্বশ্ৰেষ্ঠ উপহাৰৰ সম্পৰ্কে লিখে, “আপোনাৰ উদাৰতা আৰু ভালপোৱা মোৰ বাবে সৰ্বশ্ৰেষ্ঠ উপহাৰ । সম্ভৱতঃ মই ইয়াৰ বাবে আৰু একো খুজিব নোৱাৰো ।”

উল্লেখ্য যে, বিগত মাহত অমিতাভ বচ্চনে ‘কৌন বনেগা কৌড়োৰপতি ১২’ ৰ কিছু পোষ্ট শ্বেয়াৰ কৰিছিল। আগষ্ট মাহত ক’ভিড-১৯ ত আক্ৰান্ত হৈ সুস্থ হৈ উঠাৰ পাছত পুনৰ কাম আৰম্ভ কৰিছিল বচ্চনে ।

আনহাতে, অভিনেতাজনে সম্প্ৰতি পৰৱৰ্তী পৰিকল্পনাৰ বিষয়েও ঘোষণা কৰে । অমিতাভ বচ্চনক শেহতীয়াকৈ আয়ুষ্মান খুৰানাৰ স’তে দেখা গৈছিল ‘গুলাবো চিতাবো’ত । আমাজন প্ৰাইমত মুক্তি দিয়া ছবিখনে দৰ্শকৰ পৰা বহু ইতিবাচক সঁহাৰি লাভ কৰিছিল । অভিনেতা জনৰ পৰৱৰ্তী পৰিকল্পনাৰ ভিতৰত আয়ান মুখাৰ্জীৰ ব্ৰহ্মাস্ত্ৰ অন্যতম । ক্ৰিয়াৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰা ছবি ‘Jhund’তো দেখা যাব অমিতাভ বচ্চনক ।

Exit mobile version