- এছ আই কেলেংকাৰীৰ গোচৰৰ অন্যতম অভিযুক্ত সূৰজ শৰ্মা মালিকাধীন প্ৰতিষ্ঠানত অভিযান চি আই ডিৰ।
- তৃষ্ণা গ্ল’বেল প্ৰাইভেট লিমিটেড নামৰ প্ৰতিষ্ঠানত অভিযান।
- মহানগৰীৰ অম্বিকাগিৰি নগৰত আছে এই প্ৰতিষ্ঠানটোৰ কাৰ্যালয়।
- ধৃত সূৰজ শৰ্মাৰ স্বীকাৰোক্তিৰ ভিত্তিত জামুগুৰিহাটৰ আত্মগোপন কৰি থকা অৱস্থাতে পুনৰ এজন দালালক গ্ৰেপ্তাৰ।
- ধৃত দালালজন বেজেৰাৰ জিণ্টু নাথ।
- ধৃত জিণ্টু নাথক বৰ্তমানে চাৰিদুৱাৰ আৰক্ষী থানাত ৰখা হৈছে ।
- অনুৰূপ গোচৰত গ্ৰেপ্তাৰ ধৃত ৰূপম দাসৰ শহুৰেক তাৰিণী বণিক্য।
- অভয়াপুৰীৰ তাৰিণী বণিক্যৰ বাসগৃহৰ পৰা নগদ ৩,৩৩,৩৬,৪০০ টকা উদ্ধাৰ আৰক্ষীৰ।
- অভিযানৰ অন্তত বণিক্যক গ্ৰেপ্তাৰ কৰে চি আই ডিয়ে।
সূৰজ শৰ্মাৰ প্ৰতিষ্ঠানত অভিযান
