হাথৰছৰ ধৰ্ষণৰ ঘটনাৰ পাছত ৰাজ্যলৈ কঠোৰ নিৰ্দেশ কেন্দ্ৰৰ

WhatsApp Image 2020 10 11 at 10.38.56 AM

উত্তৰ প্ৰদেশৰ হাথৰছত এগৰাকী দলিত সম্প্ৰদায়ৰ যুৱতীক ধৰ্ষণ কৰি হত্যা কৰা ঘটনাক লৈ দেশজুৰি অব্যাহত থকা ব্যাপক প্ৰতিক্ৰিয়াৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় চৰকাৰে কঠোৰ স্থিতি গ্ৰহণ কৰিছে। তাৰ অংশ হিচাপে গৃহ মন্ত্ৰণালয়ে সকলো ৰাজ্যৰ লগতে কেন্দ্রীয় শাসিত অঞ্চলসমূহকো মহিলাৰ বিৰুদ্ধে সংঘটিত হােৱা অপৰাধৰ ক্ষেত্ৰত আৰক্ষীক প্রচলিত আইনৰ ভিত্তিত বাধ্যতামূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ নির্দেশ দিয়ে।

এই সন্দৰ্ভত জাৰি কৰা জাননীত তিনিটা বিশেষ ব্যৱস্থাৰ উল্লেখ কৰা হৈছে। সেইকেইটা হ’ল ঘটনাক লৈ বাধ্যতামূলকভাৱে এজাহাৰৰ ভিত্তিত গােচৰ ৰুজু, ধর্ষণৰ ক্ষেত্ৰত ৬০ দিনৰ ভিতৰত তদন্ত শেষ কৰা আৰু পীড়িতাৰ বাধ্যতামূলকভাৱে স্বাস্থ্য পৰীক্ষা কৰা। স্বাস্থ্য পৰীক্ষাও অভিজ্ঞ চিকিৎসকৰ জৰিয়তে ২৪ ঘন্টাৰ ভিতৰত সম্পন্ন কৰিব লাগিব।

জাননীখনত লগতে উল্লেখ কৰা হৈছে যে আইনৰ ধাৰাৰ ভিত্তিত অভিযুক্তৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ নিৰ্ধাৰিত সময়ৰ ভিতৰত গ্ৰহণ কৰিবই লাগিব। তদুপৰি গােচৰৰ তদন্তৰ অগ্ৰগতিৰ নিৰীক্ষণণা নিশ্চিত হ’ব লাগিব। ইয়াৰ উপৰি কোৱা হৈছে যে আৰক্ষীৰ ব্যর্থতাকো গুৰুত্বসহকাৰে লােৱা হ’ব। মহিলাৰ সুৰক্ষাৰ ক্ষেত্ৰত কোনাে ধৰণৰ আপােচ নহয় বুলিও জাননীত উল্লেখ কৰা হৈছে। অসম চৰকাৰকো এই জাননী প্রেৰণ কৰা হৈছে।

Exit mobile version