অগপক বাদ দি অসমত আঞ্চলিকতাবাদ সদায় আধৰুৱা: বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা

WhatsApp Image 2020 10 12 at 8.26.59 PM

“কংগ্ৰেছ দলৰ অপশাসনৰ বাবে দেশৰ আন বহু ৰাজ্যৰ দৰে অসমতো স্বাধীনতাৰ কেইবছৰমান পাছতে আঞ্চলিকতাবাদৰ উত্থান হৈছিল । সেই আঞ্চলিকতাবাদ তেতিয়া সীমিত ৰূপত নিৰ্দিষ্ট কিছু কিছু ঠাইতহে বিস্তৃতি লাভ কৰিছিল । কিন্তু অসম গণ পৰিষদ দল গঠন হোৱাৰ পাছতহে অসমত পূৰ্ণ ৰূপত আঞ্চলিকতাবাদৰ বিকাশ ঘটে । বহু প্ৰত্যাহ্বান আহিলেও এতিয়াও অগপক বাদ দি অসমত আঞ্চলিকতাবাদ সদায় আধৰুৱা হৈ থাকিব।” এই মন্তব্য পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক আৰু অগপৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ ।

যোৱা ১১ অক্টোবৰত ধাৰাপুৰ দুৰ্গা মন্দিৰ প্ৰাঙ্গনত অগপৰ ধাৰাপুৰ আঞ্চলিক কমিটিৰ বাৰ্ষিক অধিবেশনৰ সভাত মুখ্য অতিথি হিচাপে ভাগ লৈ এই মন্তব্য কৰে বিধায়ক কলিতাই । সভাত ৰমেন্দ্ৰ নাৰায়ণ কলিতাই পুনৰ কয়, “বিগত কিছুদিন ধৰি আঞ্চলিকতাবাদৰ নাম লৈ দুই-এটা ৰাজনৈতিক দল গঠন কৰা হৈছে । কিন্তু এয়া শুভলক্ষণ নহয় আৰু ই ৰাইজক বিভ্ৰান্ত কৰিছে । কিন্তু খিলঞ্জীয়া ৰাইজে অসমৰ ভৱিষ্যতৰ স্বাৰ্থত অহা বিধানসভা নিৰ্বাচনতো অগপ-বিজেপি মিত্ৰজোটকে ভোট দিব।”

অগপৰ ধাৰাপুৰ আঞ্চলিক কমিটিৰ সভাপতি পৰেশ বৰুৱাৰ আদৰণি ভাষণেৰে শুভাৰম্ভ কৰা সভাত অগপৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক সুভাষ শৰ্মা, পশ্চিম গুৱাহাটী সমষ্টি কমিটিৰ সাধাৰণ সম্পাদকদ্বয় ৰাজেন মেধী আৰু ৰবীন দৈমাৰী, অসম মহিলা পৰিষদৰ সভানেত্ৰী লিলি বৈশ্য, সম্পাদিকা গীতাঞ্জলি নাথ কাকতিকে ধৰি কে’বাজনো নেতাই ভাষণ দি অহা নিৰ্বাচনত বিধায়ক কলিতাক পুনৰ বিপুল ভোটেৰে বিজয়ী কৰাৰ বাবে হাতে-কামে নামি পৰিবলৈ উপস্থিত কৰ্মী সকলক আহ্বান জনায় ।

আনহাতে সভাত সৰ্বসন্মতি ক্ৰমে অৱসৰপ্ৰাপ্ত শিক্ষক গিৰীন্দ্ৰ কাকতিক সভাপতি , সুবোধ কলিতাক কাৰ্যকৰী সভাপতি, ৰুবুল বৈশ্য, মতিউৰ ৰহমান আৰু মানৱ কলিতাক সম্পাদক, বিদ্যুৎ ৰাজবংশীকে ধৰি কে’বাজনকো সহকাৰী সম্পাদক হিচাপে লৈ অগপৰ ধাৰাপুৰ আঞ্চলিক কমিটিখন গঠন কৰা হয়। লগতে অসম যুৱ পৰিষদ, অসম মহিলা পৰিষদ, অসম শ্ৰম পৰিষদ আৰু অসম কৃষক পৰিষদৰ ধাৰাপুৰ আঞ্চলিক কমিটিৰ কাৰ্যকৰী কমিটি সমূহ গঠন কৰা হয় ।

Exit mobile version